পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰিয়হ গালৈ চতিয়াই দিলে। উদ্দেশ্য যে সেই সৰিয়হেৰে বেঢ়া ঠাই ডোখৰৰ ভিতৰলৈ যেন কোনো ভূত, প্ৰেত পিশাচ, তাল, বেতাল, বাঘ, ঘোঙ, সাপ একো সোমাব নোৱাৰে। ইয়াৰ পিছত দুয়ো টেকেলিত নিয়া মদ মন্ত্ৰপুত কৰি খালে। ইয়াৰ পিছত বামাচাৰীজনে সেই ঠাইৰ পৰা আঁতৰি গই পচিশ নল মান আঁতৰত এজোপা গছৰ তলত বহিল গই। হৰ দত্তে শৱটোৰ ওপৰত সিদ্ধাসন কৰি বহি যেই শৰীৰৰ অঙ্গাদি শুদ্ধি কৰি লই পূৰক কৰিৱলৈ নাকত হাত দিলে, সেই মুহূৰ্তেই যেন দুয়ো ফালৰ দুয়োখান পাহাড়তে ভয়ঙ্কৰ শব্দ উঠিল—যেন গঢ় বিৰিখ বিনা বতাহতে ভাঙি পৰে, যেন পাহাড়টো উলটি পৰে। হৰদত্তৰ বুকু কপিল; কিন্তু ঠিক সেইখিনি সময়তে সিফালে উত্তৰ সাধক বামাচাৰীজনে চি এৰ মাৰিলে –“মা ভৈঃ”। উত্তৰ সাধকজনে এই শব্দ কৰা মাত্ৰেই হৰদত্ত দেখিলে যে সমস্ত উৎপাত থামি গল। হৰদত্তে তেতিয়া নিয়মমতে পূৰক কুম্ভক ৰেচক কৰি প্ৰাণায়াম কৰিলে। প্ৰাণায়াম কৰি হৰদত্ত আকৌ যি মুহূৰ্ত্ততে জপত ধৰিলে সেই মুহুৰ্ত্ততে আকৌ ভয়ঙ্কৰ উৎপাত হল—যেন চাৰিউ ফালৰ পৰা মৃত শৱবিলাক উঠি পিশাচ আকৃতি ধৰি হৰদত্তক খেদি আহিছে। আকৌ হৰদত্তৰ বুকু কপিল; কিন্তু ঠিক আকৌ সেইখিনি সময়তে যেই উত্তৰ সাধকে “মাভৈঃ” বুলি চিঞৰ লগালে, আকৌ সমস্ত উৎপাত থামি গ’ল। হৰদত্তে ইষ্ট