সেই দেখি তুমি দৈব-বলে বলীয়ান হই, বীৰাচাৰী হই হে বৰ ফুকনৰ নিচিনা জনৰ লগত যুজিব পাৰিবা।
হৰদত্ত—“বাৰু বাবা! আপুনি যি কইছে মই তাকে কৰিম। কিন্তু উত্তৰ সাধক আৰু শৱৰ কি দিহা হব?
বামাচাৰী —“ভয় নাই। মই তোমাৰ উত্তৰ সাধক হম। শৱৰ বিষয়েও চিন্তা নকৰিবা। অহা শনিবাৰে এই ওচৰৰ কাটনি গাৱঁৰে মানুহ এজন মৰিব। সেইজনৰ শৱটো সিহঁতে আনি পুতিব। আমি নিশা সেই শৱ খানি তুলিম।
হৰদত্ত—“বাৰু বাবা! তেনেহলে সেই দৰেই হব। ”
এই কথা বতৰাৰ দুদিন পিছতে শনিবাৰ পৰিল। আচৰিতৰ বিষয়, ঠিক সেই শনিবাৰে দুপৰীয়া কাটনি গাৱঁৰ আদহীয়া বয়সৰ মানুহ এজন জ্বৰ বিকাৰ বেমাৰত মৰিল। গোটজ্ঞাতি সকলে মদন কামদেবৰ পৰা প্ৰায় আধা মাইল মাথোন আঁতৰতে পথাৰত শৱটো পুতি থলে। সেই শনিবাৰে গধূলি হলতে বামাচাৰী আৰু হৰদত্ত উভয়ে দু টেকেলি কাৰণ, কিছু ৰঙা জবা ফুল, কিছু সৰিয়হ লই মৰিশালি পালেহি। বাঘ, ঘোঙ, গাহৰি, হাতী—একো লৈকে ভয় নকৰি উভয়ে কোৰ এখানেৰে খান খানি শৱটো তুলিলে। তাৰ পিছত ওচৰৰ নিঝৰাৰ পৰা পানী আনি শৱটো স্নান কৰাই চিত কৰি ললে। তাৰ পিছত বামাচাৰী তান্ত্ৰিকজনে শৱটোৰ চাৰিউফালে মন্ত্ৰ মাতি মাতি
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৩
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে