পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


জপত লাগিল। ওৰেও নিশাটো হৰদত্তে জপ কৰিলে। এই জপৰ সময়ত কত যে বাঘ, ভালুক, সাপ, ভূত, প্ৰেত, দৈত্য দানৱৰ বিভিষিকা হৰদত্তে দেখিলে তাৰ সীমা সংখ্যা নাই। ৰাতি পুৱাঁও পুৱাঁও হল ; তেওঁৰ জপ শেষ হওঁ হওঁ হল, এনেতে মৃত শৱটোৱে ( যাৰ ওপৰত হৰদত্ত সিদ্ধাসন কৰি বহিছিল) ফেট্‌ খাই উঠি হৰদত্তৰ গলৰ ৰুদ্ৰাক্ষৰ মালাধাৰত কামোৰ মাৰি ধৰিলে। হৰদত্তে এইবাৰ কোনো ভয় নকৰি তেওঁৰ ইষ্ট গুৰুক স্মৰণ কৰিলে। এনেতে ঠিক সেই সময়তে সিফালে উত্তৰ সাধকেও “মা ভৈঃ” এই শেহ চিঞৰটো মাৰিলে। উৎপাত থামিল। হৰদত্তৰ চকু তন্দ্ৰাত পৰাৰ দৰে মুদ খালে। হৰদত্তে দেখিলে যেন দুৰ্গতি নাশিনী, ভব-ভয়হাৰিণী, তাৰিণী মা দুৰ্গাই এটি দিপ্ লিপ্ সুন্দৰী ছোৱালীৰ বেশেৰে আহি সুধিলেঃ—“বাচা হৰদত্ত ! তোক কি বৰ লাগে ল”। হৰদত্তে কলেঃ —“মা ! মোক এই বৰ লাগে যেন মই কামৰূপখানক আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰোঁ। দেবীয়ে হেনো কলে:—“বাছা ! অকল কামৰূপ কিয় গোটেইখান আসামেই আহোমৰ হাতৰ পৰা উদ্ধাৰ হব, কিন্তু তাৰ আগেয়ে মানুহৰ বহুত ক্লেশ আৰু দুৰ্গতি হব”— এই বুলি কই দেবী অন্তৰ্দ্ধান হল। হৰদত্ত মাটিত চেতনাবিহীন হৈ মুচ্‌কচ্‌ গই পৰিল। উত্তৰ সাধকে তৎক্ষণাৎ লৰি আহি হৰদত্তৰ কাণত জপ ধৰিলে। তাৰ পিছত