দন্দুৱা দ্ৰোহ/তৃতীয় অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দন্দুৱা দ্ৰোহ
লেখক ৰজনীকান্ত বৰদলৈ

[ ১১ ]

তৃতীয় অধ্যায়৷
———
গুৱাহাটী নগৰত৷

 আজি বহাগৰ ছয়বিহু৷ কামৰূপৰ দুয়োজন বুজৰ বৰুৱা, আৰু চৌধুৰী সকল ভাৰে ভেটীয়ে আহি বৰফুকনত কৰ সোধাইছে৷ একো একোজন বুজৰ বৰুৱাৰ তলত, আঠ দহ জনকৈ বৰুৱা৷ প্ৰত্যেকজন বৰুৱায়ে প্ৰায় এশ ছকুৰি [ ১২ ] খানকৈ ভাৰ অনাইছে৷ বৰুৱা সকলৰ লগত চৌধুৰী সকল, আৰু তেওঁলোকৰ লগত পিচদিনা সাতবিহুৰ ৰং ধেমালি চাবলৈ অনেক লৰা তিৰোতা আৰু ছোৱালীও আহিছে৷ বৰুৱা সকলে বৰফুকনৰ আগত ভাৰ থলে, ৰূপ-বান থলে৷ বুজৰ বৰুৱা দুজনে সাচিপাতৰ হিচাপ্‌ উলিয়াই বৰফুকনক কৰ-কাটল বুজাই দিলে৷ বৰফুকনে মাজে সময়ে সেই হিচাপত খুত ধৰি বৰুৱা সকলক “কটা ঢেকেৰি” বুলি আপ্যায়িত কৰিলে৷ দুই এজনক চকু পকাই তাতোকৈ প্ৰীতিসূচক বাক্যেৰ সম্ভাষণ কৰিলে৷ হৃদয়ত যাতনা অনুভব হলেও বৰুৱা সকলে কোনো উত্তৰ দিব নোৱাৰিলে৷ সমস্ত হিচাপ-কিতাপ দাখিল কৰি বৰুৱা সকল, বুজৰ বৰুৱা দুজনে সৈতে গধুলি হলত বৰফুকনত বিদায় মাগিলে৷ বৰফুকনে কলেঃ— হেৰ ঢেকেৰিহঁত! কাইলৈ তহঁত এটাইবিলাকেই মোৰ সাতবিহুৰ উৎসৱ চাবলৈ আহিবি৷ যেয়ে গপ কৰি নাহে তাৰে দণ্ড হ’ব ধুৰুপ জানিবি”৷ বৰুৱা সকলে “ভাল দেউতা ঈশ্বৰ! অহা হব” বুলি শলাগি গল৷ নিশা সকলোটা গই পাডুৰ বাহৰত ৰল৷
 আজি বহাগৰ সাত বিহু৷ বতৰ সুন্দৰ ফৰকাল! কতো এফেৰাও মেঘৰ চিন নাই৷ বসন্তকাল এতিয়াও সম্পূৰ্ণে আছে৷ সংসাৰ জুৰি আজি আনন্দ৷ সমস্ত তৰু লতা ফুলিছে৷ ফুলৰ গোন্ধত বতাহ আনন্দিত হৈছে৷ পশু পক্ষীসকলে নানা ৰাৱ কাঢ়িছে৷ বিৰহী কুলিয়ে ৰই ৰ‌ই [ ১৩ ] গছৰ আগত পৰি কু-উ, কু-উ কৰিছে৷ দুটা এটা লৰাই সেই কুলিক যেতেক চিঞাঁৰিছে কুলিটোৰ মাতো সেই অনুক্ৰমে বেছিহে হৈছে৷
 উজনি আহোম ৰজাৰ আৰ্হিৰেই আজি আমাৰ নামনিৰ বৰফুকনেও সাতবিহুৰ উৎসৱ পাতিছে৷ এটা মুকলি ঘৰৰ তলত এখান ওখ চালপিৰাত, বনাত কেপ্‌ কৰা কিংখাপৰ গালিচা পাৰি তাৰ ওপৰত বৰফুকনে সোণোৱালী গাৰু এটাত আওজি দীঘল সোণাৰ নলৰে সৈতে গুৰগুৰি, ৰুপৰ শৰাইত তামোল পান, পিক পেলাবলৈ পিক দান লই বহিছে৷ তেওঁৰ দুয়ো কাষে আহোম আৰু অসমীয়া বিষয়াসকলক বহুৱাইছে৷ কামৰূপীয়া বুজৰবৰুৱা দুজনকো তেওঁৰ অহমীয়া বিষয়াসকলৰ লগত বহুৱাইছে৷ কিন্তু কামৰূপীয়া বৰুৱা চৌধাৰী সকলক বেলেগে হীনভাবে বহুৱাইছে৷ চাৰিওফালে অসংখ্য মানুহ৷ আহোমনী আৰু অহমিয়ানী তিৰোতাসকলকো সুন্দৰকৈ ভাৰ-বেৰ দি বহুৱাইছে৷ কিন্তু কামৰূপীয়া লৰা তিৰোতা ছোৱালী আৰু আন ইতৰ মানুহৰ নিমিত্তে কোনো বন্দোৱস্ত নাই৷ সেই সকলে পচিমফালে বাঁহৰ বাহিৰত থিয় দি দি আছে৷ নহা হলেও বৰুৱা চৌধাৰীসকলৰ ওপৰত জগৰ লাগিহেতেন আৰু এতিয়া অহাতো এই লাঞ্ছনা৷ আমোদ প্ৰমোদৰ ভিতৰত বিহু নাচ, শেন মেলি ৰং চোৱা, মহযুঁজ, মুৰগীৰ যুঁজ, ঘোড়া দৌড়, হাতী দোঁড় ইত্যাদি৷ কামৰূপত [ ১৪ ] কামৰূপীয়াৰো ঢেৰ অপৰ বিধৰ আমোদ প্ৰমোদ আছিল, যেনে ঢুলিয়াৰ নাচ, ওজা পালিৰ পদ গোৱা, কচাৰীহঁতৰ মাদোল নাচ ইত্যাদি৷ আগেয়ে সাতবিহুত আগৰ বৰফুকনসকলে এইবিলাক আমোদো কৰাইছিল; কিন্তু বদন বৰফুকন হবৰে পৰা কামৰূপীয়াৰ আমোদ প্ৰমোদ সমস্তকে উঠাই দি কেবল নিজৰ উজনিৰ যি আমোদ প্ৰমোদ তাকেহে কৰাইছিল৷
 বৰফুকণৰ আগত প্ৰথমেই বিহু নাচ হল৷ নাচনী আহোমনী ছোৱালী আৰু দুই এযোৰা নদীয়ালনী৷ বৰফুকন আৰু অহমীয়া সকলে বৰ আমোদ লভিলে৷ কামৰূপীয়াসকলে লাজত তললৈ মূৰ কৰিলে৷ বৰফুকন আৰু অহমীয়া বিষয়াসকলে নাচনীসকলক শলাগি বটা দিলে৷ ইয়াৰ৷ পিছত শেনমেলি ৰং চোৱা হল৷ যি কেজন শেনচোৱাৰ শেনে কনোৱা মাৰিব পাৰিলে সেই কেজনে বটা পালে৷ যাৰ শেনে কনোৱা মাৰিব নোৱাৰিলে সেই সকলক পাঁচোটা পাঁচোটা চমটাৰ কোব মৰালে৷ মহযুজো হল৷ দুটা গলধন ধৰা মহে লেল্‌পেল্‌কৈ যুজি এটা মৰিল; এটা ঘুণীয়া হল৷ ঘোড়াৰ দৌড়ো সুকলমে হল৷

 সৱশেহত হাতী দৌড়ৰ পাল পৰিল৷ তিনটা হাতী আনিলে৷ এটা হাতীৰ ওপৰত মাউত বাজেও বৰফুকনৰ প্ৰথম পুত্ৰজন উঠিছিল৷ আনটোৰ ওপৰত তেওঁৰ দ্বিতীয় পুত্ৰ উঠিছিল৷ তৃতীয়টোত আন এজনা আহোম বিষয়া [ ১৫ ] উঠিছিল৷ তিনিওটা হাতীকে ভাঙ খুৱাই বলীয়া কৰিলেই উঠানি কৰাই মেলাই দিলে৷ হাতী পূব পিনৰ পৰা পঁচিম ফাললৈ অৰ্থাৎ যি পিনে কামৰূপীয়া প্ৰজা আছিল সেই ফাললৈ মেলালে৷ বাঁহৰ গড় পাওঁ পাওঁ হওঁতেই বিষয়াজন উঠা হাতীটো থমোৱালে; কিন্তু বৰফুকনৰ পুত্ৰদ্বয়ে বাঁহৰ হেঙাৰ ভঙাই হাতী চলোৱালে৷ কামৰূপীয়া লৰা তিৰোতাৰ মাজত গৈ হাতী সোমাল৷ কামৰূপীয়া প্ৰজা ফৰিং ওফৰাদি যি সকলে পাৰিলে পলাল; যি সকলে নোৱাৰিলে হাতীৰ খুন্দাত কেৱে আহত, কেৱে মৃত হল৷ প্ৰায় দহ বাৰটা লৰা ছোৱালী মৰিল৷ দহ বাৰজনীমান তিৰোতা ঘাইল হল৷ বৰফুকনৰ পুত্ৰদ্বয়ে অনুতাপ কৰক চাৰি খেল খেলকৈ হাঁহিব ধৰিলে৷ কামৰূপীয়া সকলৰ মুৰত বজ্ৰ পৰাদি পৰিল৷ সকলোৱে হাঁয় হাঁয় কৰিব ধৰিলে৷ বৰুৱা চৌধাৰী সকলে হাতী থমোৱাবলৈ বৰফুকনক বৰকৈ কাবৌ-কোঁকালি কৰি চিঞৰিৱ ধৰিলে৷ বৰফুকনে যদিও দহ বাৰজন চাওদাঙ দৌড়াই পঠালে তথাপি তেওঁৰ পুত্ৰদ্বয়ে পৈশাচিক কাণ্ডটো কৰি এটাইহে হাতী ওলটাই আনিলে৷ কামৰূপীয়া প্ৰজাৰ ভিতৰত আৰ্ত্তৰাৱ উঠিল৷ আহত হৈ মৰা লৰা ছোৱালী বিলাকৰ ইষ্ট কুটুম্বে বৰফুকনৰ আগত প্ৰতিকাৰৰ অৰ্থে আঠু লই জনালে যে ইয়াৰ যি হয় বিহিত কৰিব লাগে৷ আন হলেও, যি সকলৰ লৰাছোৱালী হত হৈছে সেই সকলৰ [ ১৬ ] কৰ কাটলকে মাফ দিব লাগে৷ বৰফুকনে প্ৰজা সকলৰ কোনো কথালৈকে কাণ নাপাতি হুকুম দিলে যে মৰা শ কেইটা অঁতৰাই নিব লাগে৷ কামৰূপীয়া মানুহক তেওঁ কোনো প্ৰতিকাৰ দিব নোৱাঁৰে, কিয়নো দোষ সিহঁতৰেই৷ সিহঁত কেলেই মেলোৱা হাতীৰ আগত আছিল৷ বৰফুকনৰ এনেখন বিচাৰত কামৰূপীয়া অনেক বৰুৱা চৌধাৰীৰ খঙত চকু ৰঙা হৈ উঠিল৷ হৰদত চৌধাৰীয়ে একো একোবাৰ মৰোঁ জীওঁ সোঁ আধিকৈ গৰ্জ্জি উঠিব বিচাৰিছিল; কিন্তু কাষৰ বুঢ়া ভগীয়া দুজনমানে তেওঁক কোনোমতে থমাই ৰাখিছিল৷ এনেতে মাউতে হাতী দুটা বৰফুকন আগলৈ আনিলে৷ বৰফুকনে দেখিলে হাতী দুয়োটাৰ শুঁড় ঘা লাগি তেজেৰে ৰাঙ্গলী হৈছে৷ ঘাৰ পৰা বৰফুকনে অনুমান কৰিলে যে বাঁহৰ হেঙাৰ ভাঙোতে খোচ খালে৷ মাউত কলেঃ– দেউতা ঈশ্বৰ, এটা কামৰূপীয়া বৰ বাহুবলী ঢেকেৰিয়ে দীঘল বাঁহ এডাল টানি লৈ হাতী দুয়োটাকে কপালত খোচাত হে হাতী থামিছে; নহলে হাতীয়ে আজি আৰু মানুহ মাৰিলেহেতেন”৷ বৰফুকনে এই কথা শুনি খঙেৰে কলে:—কি! কামৰূপীয়া ঢেকেৰিৰ ইমান সাহ! সেইটো কোন ঢেকেৰিয়ে মোৰ হাতীৰ কপালত খুঁচিবলৈ সাহ কৰিলে৷ তাক ধৰি মোৰ আগলৈ আনিব লাগে৷ আহোম চাওডাঙ বিলাকে পিনাপিনি দি সেইজনক বিচাৰিলে; কিন্তু নাপালে, শৱ কঢ়িওৱা, [ ১৭ ]

মানুহৰ লগতে এই অচিনাকি বীৰ জনে নগৰ এৰি পাঁড়ুৰ চাকি পাৰ হৈ গইছিল৷

 বৰফুকনৰ সভা ভাঙিল৷ কামৰূপীয়া বৰুৱা চৌধাৰী সকলে এনেকুৱা মহৎ অন্যায়ৰো সুবিচাৰ নোহোৱা দেখি মনৰ দুখে, খঙে বেজাৰে পাড়ুঁৰ বাহৰলৈ আহিল৷

———



চতুৰ্থ অধ্যায়৷

———
 

পাঁড়ুৰ বাহৰ৷

 এই অসম যে অকল সুসভ্য আছিল এনে নহয়, অসম স্বৰ্গ পুৰীও আছিল৷ আৰ্য্যৰ এটা শাখা অসমৰ পূব উত্তৰ কোণেদি মধ্য আচিয়াৰ পৰা আহিছিল৷ অসমৰ অন্তৰ্গত কাছাৰ হিড়িম্বৰ দেশ আছিল, —যি হিড়িম্বৰ ৰাজ কন্যাক ভীমে বিবাহ কৰাইছিল৷ এতিয়াও অসমৰ আৰু কাছাড় দেশৰ কছাৰী সকলে নিজক ভীমৰ বংশ বুলি কয়৷ মনিপুৰীয়া সকলে নিজক অৰ্জ্জুনৰ বংশ বুলি কয়৷ পাণ্ডবসকলে মহাপ্ৰস্থান এই অসম স্বৰ্গপুৰীয়ে দিয়েই কৰা অনুমান হয়৷ কামাখ্যা মাতৃৰ পাহাড়ৰ পচিমৰ নামনি ঠাইতে পাণ্ডুনাথ মহাদেৱৰ মন্দিৰ৷ প্ৰবাদ আছে যে