পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


উঠিছিল৷ তিনিওটা হাতীকে ভাঙ খুৱাই বলীয়া কৰিলেই উঠানি কৰাই মেলাই দিলে৷ হাতী পূব পিনৰ পৰা পঁচিম ফাললৈ অৰ্থাৎ যি পিনে কামৰূপীয়া প্ৰজা আছিল সেই ফাললৈ মেলালে৷ বাঁহৰ গড় পাওঁ পাওঁ হওঁতেই বিষয়াজন উঠা হাতীটো থমোৱালে; কিন্তু বৰফুকনৰ পুত্ৰদ্বয়ে বাঁহৰ হেঙাৰ ভঙাই হাতী চলোৱালে৷ কামৰূপীয়া লৰা তিৰোতাৰ মাজত গৈ হাতী সোমাল৷ কামৰূপীয়া প্ৰজা ফৰিং ওফৰাদি যি সকলে পাৰিলে পলাল; যি সকলে নোৱাৰিলে হাতীৰ খুন্দাত কেৱে আহত, কেৱে মৃত হল৷ প্ৰায় দহ বাৰটা লৰা ছোৱালী মৰিল৷ দহ বাৰজনীমান তিৰোতা ঘাইল হল৷ বৰফুকনৰ পুত্ৰদ্বয়ে অনুতাপ কৰক চাৰি খেল খেলকৈ হাঁহিব ধৰিলে৷ কামৰূপীয়া সকলৰ মুৰত বজ্ৰ পৰাদি পৰিল৷ সকলোৱে হাঁয় হাঁয় কৰিব ধৰিলে৷ বৰুৱা চৌধাৰী সকলে হাতী থমোৱাবলৈ বৰফুকনক বৰকৈ কাবৌ-কোঁকালি কৰি চিঞৰিৱ ধৰিলে৷ বৰফুকনে যদিও দহ বাৰজন চাওদাঙ দৌড়াই পঠালে তথাপি তেওঁৰ পুত্ৰদ্বয়ে পৈশাচিক কাণ্ডটো কৰি এটাইহে হাতী ওলটাই আনিলে৷ কামৰূপীয়া প্ৰজাৰ ভিতৰত আৰ্ত্তৰাৱ উঠিল৷ আহত হৈ মৰা লৰা ছোৱালী বিলাকৰ ইষ্ট কুটুম্বে বৰফুকনৰ আগত প্ৰতিকাৰৰ অৰ্থে আঠু লই জনালে যে ইয়াৰ যি হয় বিহিত কৰিব লাগে৷ আন হলেও, যি সকলৰ লৰাছোৱালী হত হৈছে সেই সকলৰ