পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৰ কাটলকে মাফ দিব লাগে৷ বৰফুকনে প্ৰজা সকলৰ কোনো কথালৈকে কাণ নাপাতি হুকুম দিলে যে মৰা শ কেইটা অঁতৰাই নিব লাগে৷ কামৰূপীয়া মানুহক তেওঁ কোনো প্ৰতিকাৰ দিব নোৱাঁৰে, কিয়নো দোষ সিহঁতৰেই৷ সিহঁত কেলেই মেলোৱা হাতীৰ আগত আছিল৷ বৰফুকনৰ এনেখন বিচাৰত কামৰূপীয়া অনেক বৰুৱা চৌধাৰীৰ খঙত চকু ৰঙা হৈ উঠিল৷ হৰদত চৌধাৰীয়ে একো একোবাৰ মৰোঁ জীওঁ সোঁ আধিকৈ গৰ্জ্জি উঠিব বিচাৰিছিল; কিন্তু কাষৰ বুঢ়া ভগীয়া দুজনমানে তেওঁক কোনোমতে থমাই ৰাখিছিল৷ এনেতে মাউতে হাতী দুটা বৰফুকন আগলৈ আনিলে৷ বৰফুকনে দেখিলে হাতী দুয়োটাৰ শুঁড় ঘা লাগি তেজেৰে ৰাঙ্গলী হৈছে৷ ঘাৰ পৰা বৰফুকনে অনুমান কৰিলে যে বাঁহৰ হেঙাৰ ভাঙোতে খোচ খালে৷ মাউত কলেঃ– দেউতা ঈশ্বৰ, এটা কামৰূপীয়া বৰ বাহুবলী ঢেকেৰিয়ে দীঘল বাঁহ এডাল টানি লৈ হাতী দুয়োটাকে কপালত খোচাত হে হাতী থামিছে; নহলে হাতীয়ে আজি আৰু মানুহ মাৰিলেহেতেন”৷ বৰফুকনে এই কথা শুনি খঙেৰে কলে:—কি! কামৰূপীয়া ঢেকেৰিৰ ইমান সাহ! সেইটো কোন ঢেকেৰিয়ে মোৰ হাতীৰ কপালত খুঁচিবলৈ সাহ কৰিলে৷ তাক ধৰি মোৰ আগলৈ আনিব লাগে৷ আহোম চাওডাঙ বিলাকে পিনাপিনি দি সেইজনক বিচাৰিলে; কিন্তু নাপালে, শৱ কঢ়িওৱা,