পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


গছৰ আগত পৰি কু-উ, কু-উ কৰিছে৷ দুটা এটা লৰাই সেই কুলিক যেতেক চিঞাঁৰিছে কুলিটোৰ মাতো সেই অনুক্ৰমে বেছিহে হৈছে৷
 উজনি আহোম ৰজাৰ আৰ্হিৰেই আজি আমাৰ নামনিৰ বৰফুকনেও সাতবিহুৰ উৎসৱ পাতিছে৷ এটা মুকলি ঘৰৰ তলত এখান ওখ চালপিৰাত, বনাত কেপ্‌ কৰা কিংখাপৰ গালিচা পাৰি তাৰ ওপৰত বৰফুকনে সোণোৱালী গাৰু এটাত আওজি দীঘল সোণাৰ নলৰে সৈতে গুৰগুৰি, ৰুপৰ শৰাইত তামোল পান, পিক পেলাবলৈ পিক দান লই বহিছে৷ তেওঁৰ দুয়ো কাষে আহোম আৰু অসমীয়া বিষয়াসকলক বহুৱাইছে৷ কামৰূপীয়া বুজৰবৰুৱা দুজনকো তেওঁৰ অহমীয়া বিষয়াসকলৰ লগত বহুৱাইছে৷ কিন্তু কামৰূপীয়া বৰুৱা চৌধাৰী সকলক বেলেগে হীনভাবে বহুৱাইছে৷ চাৰিওফালে অসংখ্য মানুহ৷ আহোমনী আৰু অহমিয়ানী তিৰোতাসকলকো সুন্দৰকৈ ভাৰ-বেৰ দি বহুৱাইছে৷ কিন্তু কামৰূপীয়া লৰা তিৰোতা ছোৱালী আৰু আন ইতৰ মানুহৰ নিমিত্তে কোনো বন্দোৱস্ত নাই৷ সেই সকলে পচিমফালে বাঁহৰ বাহিৰত থিয় দি দি আছে৷ নহা হলেও বৰুৱা চৌধাৰীসকলৰ ওপৰত জগৰ লাগিহেতেন আৰু এতিয়া অহাতো এই লাঞ্ছনা৷ আমোদ প্ৰমোদৰ ভিতৰত বিহু নাচ, শেন মেলি ৰং চোৱা, মহযুঁজ, মুৰগীৰ যুঁজ, ঘোড়া দৌড়, হাতী দোঁড় ইত্যাদি৷ কামৰূপত