পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


খানকৈ ভাৰ অনাইছে৷ বৰুৱা সকলৰ লগত চৌধুৰী সকল, আৰু তেওঁলোকৰ লগত পিচদিনা সাতবিহুৰ ৰং ধেমালি চাবলৈ অনেক লৰা তিৰোতা আৰু ছোৱালীও আহিছে৷ বৰুৱা সকলে বৰফুকনৰ আগত ভাৰ থলে, ৰূপ-বান থলে৷ বুজৰ বৰুৱা দুজনে সাচিপাতৰ হিচাপ্‌ উলিয়াই বৰফুকনক কৰ-কাটল বুজাই দিলে৷ বৰফুকনে মাজে সময়ে সেই হিচাপত খুত ধৰি বৰুৱা সকলক “কটা ঢেকেৰি” বুলি আপ্যায়িত কৰিলে৷ দুই এজনক চকু পকাই তাতোকৈ প্ৰীতিসূচক বাক্যেৰ সম্ভাষণ কৰিলে৷ হৃদয়ত যাতনা অনুভব হলেও বৰুৱা সকলে কোনো উত্তৰ দিব নোৱাৰিলে৷ সমস্ত হিচাপ-কিতাপ দাখিল কৰি বৰুৱা সকল, বুজৰ বৰুৱা দুজনে সৈতে গধুলি হলত বৰফুকনত বিদায় মাগিলে৷ বৰফুকনে কলেঃ— হেৰ ঢেকেৰিহঁত! কাইলৈ তহঁত এটাইবিলাকেই মোৰ সাতবিহুৰ উৎসৱ চাবলৈ আহিবি৷ যেয়ে গপ কৰি নাহে তাৰে দণ্ড হ’ব ধুৰুপ জানিবি”৷ বৰুৱা সকলে “ভাল দেউতা ঈশ্বৰ! অহা হব” বুলি শলাগি গল৷ নিশা সকলোটা গই পাডুৰ বাহৰত ৰল৷
 আজি বহাগৰ সাত বিহু৷ বতৰ সুন্দৰ ফৰকাল! কতো এফেৰাও মেঘৰ চিন নাই৷ বসন্তকাল এতিয়াও সম্পূৰ্ণে আছে৷ সংসাৰ জুৰি আজি আনন্দ৷ সমস্ত তৰু লতা ফুলিছে৷ ফুলৰ গোন্ধত বতাহ আনন্দিত হৈছে৷ পশু পক্ষীসকলে নানা ৰাৱ কাঢ়িছে৷ বিৰহী কুলিয়ে ৰই ৰ‌ই