পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আগেয়ে চাৰি চকিৰ বাহিৰ হৈ যাব লাগিব৷ ইয়াৰ কাৰণ আছিল এয়ে, যে বৰফুকনে নিজৰ আহোম আৰু অহমীয়া বিষয়া কেইজনত বাজে কামৰূপীয়া বা আন কোনো মানুহক বিশ্বাস নকৰিছিল৷ তেওঁ কামৰূপীয়া মানুহক ঘিণ কৰিছিল; আৰু সদায় লঘু-লাঞ্ছনা কৰাতো ত্ৰুটি নকৰিছিল৷ ইয়াৰ কাৰণ, তেওঁ নিজে দোষী আছিল৷ কামৰূপীয়া মানুহক তেওঁ সদায় লুটি-পুটি খাইছিল৷ কামৰূপীয়া মানুহেও যে মাজে সময়ে গুপুততে মানুহ পঠাই ৰজাঘৰত তেওঁৰ অন্যায় অত্যাচাৰৰ সংবাদ দিছিল, এই কথা তেওঁ জানিছিল৷ এই বিলাক কাৰণতে বিশেষকৈ বক্তমল বুজৰ বৰুৱা হবৰ দিনৰে পৰা তেওঁ কামৰূপীয়া মানুহৰ ওপৰত বেছিকৈ অন্যায় উৎপীড়ন কৰিছিল৷

———


তৃতীয় অধ্যায়৷
———
গুৱাহাটী নগৰত৷

 আজি বহাগৰ ছয়বিহু৷ কামৰূপৰ দুয়োজন বুজৰ বৰুৱা, আৰু চৌধুৰী সকল ভাৰে ভেটীয়ে আহি বৰফুকনত কৰ সোধাইছে৷ একো একোজন বুজৰ বৰুৱাৰ তলত, আঠ দহ জনকৈ বৰুৱা৷ প্ৰত্যেকজন বৰুৱায়ে প্ৰায় এশ ছকুৰি