পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কামৰূপীয়াৰো ঢেৰ অপৰ বিধৰ আমোদ প্ৰমোদ আছিল, যেনে ঢুলিয়াৰ নাচ, ওজা পালিৰ পদ গোৱা, কচাৰীহঁতৰ মাদোল নাচ ইত্যাদি৷ আগেয়ে সাতবিহুত আগৰ বৰফুকনসকলে এইবিলাক আমোদো কৰাইছিল; কিন্তু বদন বৰফুকন হবৰে পৰা কামৰূপীয়াৰ আমোদ প্ৰমোদ সমস্তকে উঠাই দি কেবল নিজৰ উজনিৰ যি আমোদ প্ৰমোদ তাকেহে কৰাইছিল৷
 বৰফুকণৰ আগত প্ৰথমেই বিহু নাচ হল৷ নাচনী আহোমনী ছোৱালী আৰু দুই এযোৰা নদীয়ালনী৷ বৰফুকন আৰু অহমীয়া সকলে বৰ আমোদ লভিলে৷ কামৰূপীয়াসকলে লাজত তললৈ মূৰ কৰিলে৷ বৰফুকন আৰু অহমীয়া বিষয়াসকলে নাচনীসকলক শলাগি বটা দিলে৷ ইয়াৰ৷ পিছত শেনমেলি ৰং চোৱা হল৷ যি কেজন শেনচোৱাৰ শেনে কনোৱা মাৰিব পাৰিলে সেই কেজনে বটা পালে৷ যাৰ শেনে কনোৱা মাৰিব নোৱাৰিলে সেই সকলক পাঁচোটা পাঁচোটা চমটাৰ কোব মৰালে৷ মহযুজো হল৷ দুটা গলধন ধৰা মহে লেল্‌পেল্‌কৈ যুজি এটা মৰিল; এটা ঘুণীয়া হল৷ ঘোড়াৰ দৌড়ো সুকলমে হল৷
 সৱশেহত হাতী দৌড়ৰ পাল পৰিল৷ তিনটা হাতী আনিলে৷ এটা হাতীৰ ওপৰত মাউত বাজেও বৰফুকনৰ প্ৰথম পুত্ৰজন উঠিছিল৷ আনটোৰ ওপৰত তেওঁৰ দ্বিতীয় পুত্ৰ উঠিছিল৷ তৃতীয়টোত আন এজনা আহোম বিষয়া