দন্দুৱা দ্ৰোহ/একবিংশ অধ্যায়
বাৰটা আহোম ৰণুৱাৰে সৈতে কুমেদান চৰ্দ্দাৰে হৰদত্তক
ধৰিবলৈ চুপি আছিল। সিহঁতে এইটো খবৰ পাইছিল যে
হৰদত্ত বৰুৱা সন্ধ্যাৰ ঝাৰত লুকাই আছে। আন কলৈকো
যাব পৰা নাই। কিন্তু সন্ধ্যাৰ ঝাৰ বোলা ঝাৰনিখন প্ৰকাণ্ড
কাঠনি হাবিৰে ভৰা। সেই কাঠনিৰ কোন খিনিত বৰুৱা
লুকাই আছে তাৰ উৱাদিহ নাপাই কুমেদানে ধৈৰ্য্য ধৰি
চোৰাং চোৱাৰ হতুৱাই সুৰাগ লৈ আছিল। এতিয়া যি
মুহূৰ্ত্তেই মহীৰাম আৰু বেটীজনী গাৱলৈ আহিল, সেই
মুহূৰ্ত্তেই কুমেদানে তেওঁলোক অহা বাটটো চিনি পাচ ছটা
ৰণুৱাৰে সৈতে হাবি সোমাল। পাঁচছটা ৰণুৱাক গাৱঁতে
মহীৰাম আৰু বেটীজনীক ধৰিবলৈ আদেশ দিলে। গাৱঁৰ
কেইটাই তৎক্ষণাৎ বেটীজনীক ধৰিলে, কিন্তু মহীৰামক
ধৰিব নোৱাৰিলে। মহীৰ সশস্ত্ৰে পলাই আকৌ ঝাৰণি
সোমাল গৈ।
ইফালে কুমেদানে পহে পহে গৈ হৰদত্তৰ পজাটো
পালে। হৰদত্তে আত্ম-ৰক্ষা কৰোঁ বোলা হলে সহজেই
আত্ম-ৰক্ষা কৰিব পাৰিলেহেঁতেন। তেওঁ তৰোৱালেৰে
নিজক আৰু জীয়েকক আগুৰি কুমেদানক এৰাই আকৌ
হাবিত সোমাই ৰক্ষা পাব পাৰিলেহেঁতেন। কিন্তু তেওঁ
তেওঁৰ ওচৰত পৰি থকা মৃত পত্নীৰ আৰু মুচ্কচ্ গৈ পৰি
থকা জীয়েকক এৰি পলাবলৈ ইচ্ছা নকৰিলে। তেওঁ
জানিলে তেওঁৰ কালপূৰ্ণ হল। কুমেদানৰ লগত যোৱা
আহোম ৰণুৱাহঁতে হৰদত্ত বৰুৱাক তৎক্ষণাত হাতে ভৰিয়ে
বান্ধি টানি লৈ চেচামুখৰ বাটেদি গ’ল। কুমেদানে ঘৰৰ
ভিতৰত সোমাই দেখিলে যে বৰুৱাণী মৃত, পদ্মকুমাৰী
মূৰ্চ্চিতা। কুমেদানে বাঁহৰ চুঙাত থকা পানী পদ্মকুমাৰীৰ
মূৰত আৰু চকুত ছটিয়াই পদ্ম কুমাৰীৰ চৈতন্য আনিলে।
পদ্মকুমাৰীয়ে চেতন লভিয়েই বিনালে—“মাই! তইনো
মোক এৰি কলৈ গলি ঔ? পিতি। তই নো কত ঔ?
প্ৰাণনাথ! তুমিনো কত? ” চেতনা পাই দেখে যে
কুমেদানে অতি আস্তে আস্তে ব্যস্তে সেৱা শুশ্ৰুষা কৰিছে।
তেওঁ কুমেদানক চিনিপাই কলে:—কুমেদান চৰ্দ্দাৰ! তুমি
ক’ৰ পৰা আহিলা? মোৰ মা আৰু পিতিক ৰক্ষা কৰিব
আহিছা নে"? কুমেদানে চকু চলচলীয়া কৰি কলে:—“হয়, কিন্তু
তোমাৰ পিতি ইয়াৰ পৰা উঠি গৈছে। পদ্ম কুমাৰী। —পিতি নো কলৈ গল? মাইক ইয়াতে
পেলাই থৈ নো কিয় গল? চৰ্দাৰ কাকা। তুমি কব
পাৰানে পিতি কলৈ গল? তুমি মোক পিতিৰ ওচৰলৈ,
লৈ যাব পাৰা নে? পিতিয়ে যদি মাইৰ ওপৰত খং কৰিহে
গৈছে তেন্তে মাই ইয়াতে শুই থাকক; মই পিতিক হাতে
গুৰিয়ে ধৰি লৈ আহোঁগৈ। চৰ্দাৰ! মোক লৈ বলা। ”
কুমেদান— বাৰু! চলিয়ে। কুমেদানৰ এই কথাত
পদ্মকুমাৰী গিৰিস্ কৰি উঠি বহিল। ওচৰতে মাকক দেখি
কলে: —অ! মাই দেখোন শুয়ে আছে। বাৰু! মাইক
নজগাওঁ। পিতিক লৈ আলি মাইক জগাম। অ, মোৰ
স্বামী খৰি কটিবলৈ গৈছে নহয়! বাৰু তেৱোঁ আহক।
মই পিতিক আনোঁ গৈ। পিছত এটাই বিলাকে লগ লাগি
বিলৰ পৰা পানী মানিম। অ, বিলত অকৌ ফেটী সাপ!
বাক থাকক ফেটী সাপ। পানী আনি বাঁহৰ চুঙাত মই ভাত
ৰান্ধিম। এটাই বিলাকে দেখা দেখিকৈ খাম। চৰ্দ্দাৰ!
বলা, বলা, বেলি হল পিতিক ফিৰাই আনো গৈ। এই
বুলি কৈয়েই পদ্মকুমাৰী একে কোবে থিয় হল। থিয়
হৈয়ে আকৌ ঢলি পৰিল। কুমেদানে আকৌ থাপ মাৰি
ধৰিলে। পদ্ম কুমাৰীয়ে কলে:—“বৰ পিয়াহ লাগিছে। ”
কুমেদানে তেতিয়া পানী থকা বাঁহৰ চুঙা এটা দিলে। তেওঁ
সেই চুঙা পানী তেনেই খাই কলে:—“অ, চৰ্দাৰ! তুমি
দিয়া পানী খাই মোৰ জাত নগল নে?
কুমেদান। —কাঁহে তোৰ জাত যাব। তই কলিতা,
মইভি আচল ছেত্ৰি।
পদ্মকুমাৰী। তেন্তে চৰ্দ্দাৰ বলা। এই বুলি কৈয়ে
পদ্মকুমাৰীয়ে চুলি-টুলি মেলি লৰ ধৰিলে। কুমেদানো
পিছে পিছে লৰি গল। কিন্তু পদ্মকুমাৰীক কুমেদানে
ধৰিব নোৱাৰিলে। পদ্মকুমাৰী উন্মত্তা। তেওঁৰ ভৰিত
আৰু গাত এটা শক্তি প্ৰবেশ কৰিছে। আগে আগে লৰি
লৰি পদ্মকুমাৰীয়ে চেচামুখৰ বাটেদি গৈ শগুণঠুটিৰ বালি
পালে। কুমেদানো তেওঁৰ পিছে পিছে লৰি গৈ শগুণ-
আজি শগুণঠুটিৰ বালি লোকে লোকাৰণ্য। বৰফুকন
তাত নিজেই উপস্থিত। হৰদত্তক আহোম সেনাই ধৰি
বান্ধি আনি হাজিৰ কৰিছে।
বৰফুকনে কলে:—“হেৰ হৰদত্ত! উইৰ দৰে মৰিবৰ
কালত তোৰ পাখি গজিছিল। আজি সাত বছৰে তই
ৰাজদ্ৰোহ কৰিলি!
হৰদত্ত।—শুনা বৰফুকন! মই ৰাজাৰ দ্ৰোহ কৰা
নাছিলো; কিন্তু তোমাৰ উপৰি জনাৰ, অৰ্থাৎ বদনৰ নিচিনা
পাষণ্ড অত্যাচাৰী বৰফুকনৰ বিৰুদ্ধেহে মই অস্ত্ৰ ধৰিছিলো।
সি থাকিব লাগিছিল, তেহে সি বুজিলে হেঁতেন কামৰূপীয়া
ভীৰু কাপুৰুষ নহয়। সি বুজিছিলেই।
কলীয়া ভোমোৰা বৰফুকন। —অবশ্যে মই বদনে কি
কৰিছিল কব নোৱাৰো, কিন্তু তই আহোম সৈন্যৰে সৈতে
ৰণ কৰাটোৱেই ৰাজদ্ৰোহ হইছিল। তই জাননে যে ৰজাৰ
আজ্ঞাত মই তোক শূলত দিবলৈ বাধ্য হৈছো। তই যদি
এতিয়াও শৰণাপন্ন হৱ, তেন্তে তোক সদ্যহতে পোতাশালত
বন্দী কৰি থৈ মই ৰজালৈ জনাব পাৰো।
হৰদত্ত। —মোৰ বীৰ ভ্ৰাতৃ গল। মৰমৰ পত্নী গল।
মোৰ বাচিবৰ ইচ্ছা নাই; মই শৰণাপন্ন নহওঁ। তুমি
মোক শূলত বা বৰশীত যিহতে ইচ্ছা হয় দিব পাৰা।
কলীয়া ভোমোৰা। —তেন্তে মোৰ গাত পাপ আৰু
দোষ নাই। চাওডাঙ! ইয়াক সৌ খিনিতে শূলত দে।
ৰাইজে দেখক ৰাজদ্ৰোহীৰ কি পৰিণাম হয়।
হৰদত। —দে মোক শূলত। কিন্তু বৰফুকন! মই
মৰণ কালত তোমাক কেই আষাৰমান কথা কওঁ —ৰজালৈ
জনাই পঠিয়াবা। প্ৰথমতঃ—সি বদন বৰফুকনে আমাৰ
কামৰূপীয়াক ইমান দুখ দিলে, ইমান অত্যাচাৰ কৰিলে,
সেই বৰ ফুকনৰ আওমৰণে মৰণ হব। সিয়েই তহঁতৰ
অহোম ৰাজ্য খাব। দ্বিতীয়তঃ—ৰজাই কাৰ দোষ কাৰ গুণ বিচাৰ নকৰিলে। মাত্ৰ বৰফুকনক ইয়াৰ পৰা লৈ গৈ তেওঁৰ ঠাইত তোমাক পঠালে। এনেকুৱা বিলাক অন্যায়
অত্যাচাৰৰ ফলত এই আহোম ৰাজ্য অচিৰতে ধ্বংস পাব।
মই মা ভগবতীৰ আদেশত কলো। ” হৰদতৰ এনেকুৱা
তেজঃপূৰ্ণ অভিশাপ শুনি বৰফুকনে খঙতে একো নাইকিয়া
হৈ কলে :—চাওডাঙহঁত! কি চাই আছ। ইয়াক লৈ
যা। শূলত দে গৈ। ”
বৰফুকনৰ এই আদেশত আঠোটা চাওডাঙে হৰদতক
টানি লৈ গল। হৰদতে আৰু কেনো মাত নামাতি চকু
মুদি ইষ্টদেবীৰ ধ্যানত মগ্ন হল। চাওডাঙে তেওঁক জীয়াই
জীয়াই শূলৰ ওপৰত তুলি দি সেই শূল গুহ্যদ্বাৰৰ পৰা
একেবাৰে মূৰলৈকে ফুটাই দিলে। হৰদতে কোনো চিঞৰ
বাখৰ নকৰাকৈ অকাতৰে শূলত প্ৰাণত্যাগ কৰিলে।
শূলত তেওঁৰ প্ৰাণত্যাগ হৈছে মাথোঁন, এনেতে সিফালৰ
পৰা উন্মত্তা পদ্মকুমাৰী লৰি পালেহি। তেওঁ মুক্তকেশী,
প্ৰায় বিবস্ত্ৰা, বৰণ সোণৰ। লৰি আহি শূলত বাপেকৰ
মৃত শৱটোক সাবটি ধৰিলে। কেৱে এৰাব বা বাধা দিব
নোৱাৰিলে। সমস্ত প্ৰজা স্ততি! আন কি, তেওঁৰ
ৰূপ লাৱন্য আৰু অবস্থা দেখি বৰফুকনো স্তম্ভিত। এনেতে
পিছতে কুমেদানে খেদি আহি চিঞৰি কলে:— “মা। মা!
সেইটো কৰবাৰ মৰা মানুহ। এৰি দে” এই বুলি কুমেদানে
তেওঁক ধৰিবলৈ আগুৱাই গল। কুমেদানক খেদি
দেখি পদ্মকুমাৰীয়ে জলদ গম্ভীৰ স্বৰে কলে —“বঙাল!
বিশ্বাসঘাতক! তই মোক নুছুবি। মোক ছুলেই তই এই
খিনিতেই সবংশে নিধন হবি। পহ্মকুমাৰীৰ এই বাক্যত
কুমেদান হঠাতে থামিল। এনেতে সিফালৰ পৰা মহীৰামে
মুকলি তৰোৱালে সৈতে আহি কুমেদানৰ আগত পদুমীক
পিচত ৰাখি থিয় হৈ ক’লে:—“কি বঙাল! নিমখ হাৰাম!
তোৰ এক কালৰ প্ৰভুক যে টকাৰ লোভত ধৰাই দিলিয়েই,
এতিয়া সেই প্ৰভু কন্যাকো তই ধৰিব যাৱ। খোল তোৰ
তৰোৱাল পাষণ্ড! দে মোৰে সৈতে যুজ। এই বুলি
কৈয়েই মহীৰামে তৰোৱাল তুলিলে। কুমেদানেও আত্ম-
ৰক্ষাৰ্থে তৎক্ষণাৎ ফাকৰ পৰা তৰোৱাল খুলিলে। কুমেদানে কোনো কথা কবলৈ বা জবাব দিবলৈ নৌ পাওঁতেই
মহীৰামে অস্ত্ৰ চলালে: শিক্ষিত কুমেদান সিঙে সেই ঘাত
নিজৰ তৰোৱাল পাতি আগুৰিলে। উভয়ৰে তৰোৱালে
তৰোৱালে যুঁজ হল। পদ্মকুমাৰীয়েও খন্তেক পৰ শৱটো
এৰি গড়াৰ কাষলৈ পিছুৱাই পিছুৱাই গৈ সেই যুঁজ চাব
ধৰিলে। ৰাইজেও আৰু বৰফুকনেও তধা লাগি চাই ৰল। কুমেদানো শিখ বীৰ— অস্ত্ৰ চলোৱাত, বিশেষ, তৰোৱালৰ
যুদ্ধত অতি নিপুন। মহীৰাম যদিও কোমল বয়সীয়া
কামৰূপীয়া কলিতাৰ লৰা, তথাপি তেওঁৰো অস্ত্ৰ শিক্ষা কম
নাছিল। কুমেদান ধীৰ আৰু অটল, কিন্তু মহীৰাম দুখে
শোকে এক প্ৰকাৰ উন্মত্ত আছিল। অলপ বেলিৰ মূৰতে
কুমেদানৰ তৰোৱালৰ কোবত মহীৰাম আহত হৈ অৱশ
হল। কুমেদানো মহীৰামৰ তৰোৱালৰ কোব এটা হাতত
লাগি তৰোৱাল এৰি দি ধাচ কৰে পৰিল। কুমেদানৰ
সোঁ হাত খান হাৰলৈকে কাটিলে। কিন্তু মহীৰামে
কুমেদানৰ তৰোৱালৰ পৰা যি আঘাত পাইছিল সি
সাঙ্ঘাতিক। এটা গলত, এটা কলিজাৰ ওপৰত। মহীৰাম
মাটিত পৰি অৱশ হল। মহীৰামৰ মৃত্যু ওচৰ চাপিল।
কাতৰ কণ্ঠে পদুমীলৈ চাই কলে—“পদুম মই আহিলো।
জননী জন্মভূমি কামৰূপ! তোমাত বিদায় মাগিলো। হাঁ
কামৰূপ সূৰ্য্য পিতৃ হৰদত্ত! তুমিও গ’লা। ” এই বুলি
কৈয়েই মহীৰামে অনন্ত কাললৈ চকু মুদিলে।
পদ্মকুমাৰীৰ সেই সময়ত সুন্দৰ জ্ঞান উপস্থিত হল।
তেওঁ কলে—“মহীৰাম! তুমিও গ’লা। তোমাৰ অবিহনে
পদ্ম ৰয় কেনেকৈ? বাৰু যোৱা এই বুলি কৈয়েই বৰফুকনৰ
ফালে চাই কলে—“ঐ বৰফুকন! তহঁতৰ অত্যাচাৰতে মই
আজি কামৰূপ এৰিলো, আন কি, মই অসম ৰজাকো
এৰিলো। জাননে, আহোম ৰজাৰ বংশ আৰু কুৰি বছৰৰ
মুৰতে ধ্বংস হব। আহোম ৰজাৰ নাম নুমাব। এই বুলি
কৈয়েই পদ্মকুমাৰীয়ে সৰুকালৰ সেই অতি মৰমৰ গীতটো
গালে “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ”
তাৰ পিছতে কলে—“বাবা ব্ৰহ্মপুত্ৰ! তোৰ কোলাত
মোক ঠাই দে। মাই ঔ! ৰবি, ময়ো যাব লাগিছো।
পিছতে আকৌ “গালে—অক্ৰুৰে লৈয়া গল ৰথতে তুলি—
গোপিনী কান্দে মোৰ হা কৃষ্ণ বুলি”। জেঠ মহীয়া অলপ
অলপ পানীৰ বেগত গড়া খহিব ধৰিছিল। গীত গাই গাই
পিছুৱাই পিছুৱাই গৈ পদ্মকুমাৰী গড়াৰ পাৰ পালে।
এনেতে পানীৰ সোঁতত তেওঁ ঠিয় হোৱা গড়াটো হুৰুম কৰে
খহি পৰিল। তেওঁ আৰু তেওঁৰ পিতাকৰ শৱও শূলে
সমন্বিতে পানীত পৰিল। প্ৰজাই হাঁয়! হাঁয়! কৰিব
ধৰিলে। পানীৰ সোঁতত গড়া, মানুহ, শূল, পদ্মকুমাৰী
সোপায়ে ডুবিল৷ এবাৰ নৈৰ পাকত প্ৰায় দহ নলমান
আতৰত পদ্মকুমাৰী পানীৰ তলৰ পৰা ওপঙি উঠিছিল
তেতিয়াও তেওঁ গাইছিল:⸺
“সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ” আকৌ
পদ্মকুমাৰী ডুবিল। এইবাৰ আৰু তেওঁৰ দেহ কলৈ গল
কেৱে নেদেখিলে। আন কি, তেওঁৰ দেহ বা শৱ আৰু
কেৱে দেখা নাছিল।
এইদৰে ১৭৯৫ শকত দন্দুৱা-দ্ৰোহৰ ওৰ পৰিল। এই দ্ৰোহ দমন কৰাৰ বাবে বৰফুকনে ৰজাৰ পৰা শলাগনি পালে। বৰফুকনে হৰদত্তক বেয়া বুজাবলৈ তেওঁৰ শত্ৰু পক্ষৰ হতুৱাই এনেবিলাক গীত বচাই গোৱাইছিল।
১।
হৰদত্তৰ বাৰিতে বৰ বৰ বাঁহ
ঠনৰাই পৰি ৰল হৰদত্তৰ হাঁহ
বাছা! কিয়লৈ বৰুৱা হলি।
২।
হৰদত্তৰ বাৰিতে বৰ বৰ ইৰি
ঠনৰাই পৰি ৰল হৰদত্তৰ তিৰী
বাছা! কিয়লৈ বৰুৱা হলি।
৩।
হৰদত্তৰ জীয়াৰী পদ্মকুমাৰী
ধনৰাত নাখালে ভাত
হাতত ধৰি নি উমাদত বঙালে
পদ্ম বিচাৰে গাত।
পাঠক! কুমেদান চৰ্দ্দাৰ বৰফুকনৰ বেজ বৰুৱাৰ দ্বাৰাই চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল। তেওঁ এমাহ মানৰ মুৰত ভাল হৈ বৰফুকনৰ পৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখ সকলক