সমললৈ যাওক

পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডুবিল৷ এবাৰ নৈৰ পাকত প্ৰায় দহ নলমান আতৰত পদ্মকুমাৰী পানীৰ তলৰ পৰা ওপঙি উঠিছিল তেতিয়াও তেওঁ গাইছিল:⸺
 “সইতে কৃষ্ণ দেৱ গোপিনীক নেৰিবা। ” আকৌ পদ্মকুমাৰী ডুবিল। এইবাৰ আৰু তেওঁৰ দেহ কলৈ গল কেৱে নেদেখিলে। আন কি, তেওঁৰ দেহ বা শৱ আৰু কেৱে দেখা নাছিল।

সামৰণী।

 এইদৰে ১৭৯৫ শকত দন্দুৱা-দ্ৰোহৰ ওৰ পৰিল। এই দ্ৰোহ দমন কৰাৰ বাবে বৰফুকনে ৰজাৰ পৰা শলাগনি পালে। বৰফুকনে হৰদত্তক বেয়া বুজাবলৈ তেওঁৰ শত্ৰু পক্ষৰ হতুৱাই এনেবিলাক গীত বচাই গোৱাইছিল।

১।
হৰদত্তৰ বাৰিতে বৰ বৰ বাঁহ
 ঠনৰাই পৰি ৰল হৰদত্তৰ হাঁহ
  বাছা! কিয়লৈ বৰুৱা হলি।

২।
হৰদত্তৰ বাৰিতে বৰ বৰ ইৰি
 ঠনৰাই পৰি ৰল হৰদত্তৰ তিৰী
  বাছা! কিয়লৈ বৰুৱা হলি।

৩।
হৰদত্তৰ জীয়াৰী পদ্মকুমাৰী
 ধনৰাত নাখালে ভাত
হাতত ধৰি নি উমাদত বঙালে
 পদ্ম বিচাৰে গাত।

পাঠক! কুমেদান চৰ্দ্দাৰ বৰফুকনৰ বেজ বৰুৱাৰ দ্বাৰাই চিকিৎসিত হৈ সৰ্ঠি সৰ্ঠি বাচিল। তেওঁ এমাহ মানৰ মুৰত ভাল হৈ বৰফুকনৰ পৰা প্ৰতিশ্ৰুত ৰূপ শ বটা লৈ তেওঁৰ শিখ সকলক