বৰুৱানী - চাওকচোন আমাৰ আগলৈকো নাই, পাছ
লৈকো নাই, এই একেটি মাথোঁন সন্তান; তাইক বিয়া দি
উলিয়াই দিলে-মইনো বাচি থাকিমনে?
হৰদত্ত—তেনেহলেনো কি কৰিবা? কোন ৰজাৰ লৰা
আমাৰ ঘৰত চপনীয়া হৈ থাকিব?
বৰুৱানী—মই হলে সেই দৈৱজ্ঞ দুজনৰ কথাত এক
প্ৰকাৰে বিশ্বাস নকৰো যদিও আন প্ৰকাৰে কৰিব পাৰোঁ৷
কোনো ৰজাৰ লৰা যে আমাৰ ঘৰত চাপি নাথাকে সেইটো
সঁচা৷ আৰু আমাৰ কলিতা জাতিৰ ৰজাৰ লৰাও কতো
নাই যে ইওটা সঁচা৷ অথচ মই মোৰ এই একেজনী
জীয়াক বিয়া দি উলিয়াই দিবও নোৱাৰো৷ তাইক
আতৰলৈ পঠাই মই এক দণ্ডও জীয়াই থাকিব নোৱাৰো৷
বাৰু, কথা এটা কওঁ আপুনি যদি বেজাৰ নাপায়৷
হৰদত্ত— মই তোমাৰ কথাত কোনো বেজাৰ নাপাওঁ৷
বৰুৱানী—শুনক তেন্তে মই ভাবিছো আমাৰ মাই-
ছানাক মহীৰামতে বিয়া দি তাকে ঘৰ জোঁয়াই কৰি ৰাখো৷
তাৰে সৈতে আমাৰ তেজ মঙ্গহৰতো কোনো সম্বন্ধ নাই৷
সি মাথোঁন স্বজাতি৷ সি আমাৰ ঘৰতে ডাঙ্গৰ দীঘল
হৈছে৷ লৰাটোও ভাল নিৰোগী দেখিবলৈকো শুৱনি
লগতে আপোনাৰে দৰে সি বাহুবলী বীৰো৷ যুঁজ
লাগিবৰে পৰা সিও এই কুমলীয়া বয়সতে আপোনাৰ এজন
সেনাপতি হৈ যুঁজতো সহায় কৰিছে৷
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
