সমললৈ যাওক

দন্দুৱা দ্ৰোহ/বিংশ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১০১ ] শ ৰণুৱা, গোটাই লই খৰালিৰ আৰম্ভতে হৰদত্তৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে। তেওঁ তেওঁৰ সেই পোন্ধৰ ষোল্ল শ সৈন্য তিনি ভাগ কৰি তিনিফাললৈ পঠিয়ালে। চেঁচামুখলৈ যোৱা ভাগৰ লগত তেওঁ আক কুমেদান উভয়ে গ’ল। আন দুভাগৰ লগত দুজন আহোম সেনাপতি পঠিয়ালে। তেওঁ আৰু কুমেদান উভয়ে যে চেঁচামুখৰ ভাগলই গইছিল ইয়াৰ কাৰণ এই, তেওঁ জানিছিল এইখান দুৱাৰলৈ বীৰদত্ত আহিব। যদিও হৰদত্তৰ প্ৰতিভা কামৰূপীয়া বৰুৱা চৌধাৰী সকলৰ মাজত হ্ৰাস হইছিল; তথাপি চাৰি পাঁচ ঘৰ বৰুৱা আৰু চৌধাৰীয়ে তেওঁবিলাকৰ একেবাৰে এৰা দিয়া নাছিল। সেই কেইঘৰৰ সহায়ত আৰু নিজৰো গুণত বীৰদত্তে দুহেজাৰ ৰণুৱা। গোটাইছিল। চিলালৈ মহীৰাম আৰু কমাৰকুচীয়া বৰুৱাক পাঁচ শ ৰণুৱাদি পঠিয়াইছিল। দীৰ্ঘেশ্বৰীলৈ মদাৰতীয়া চৌধাৰীক পাচ শ ৰণুৱা দি পঠিয়াইছিল; আৰু নিজে এহেজাৰ ৰণুৱা লই চেচামুখলৈ আহিছিল।
 তিনিউ ঠাইতে তয়া ময়া ৰণ হল। যদিও কামৰূপীয়াই ধেনু কাড়েৰে আৰু তৰোৱালেৰে অসীম শৌৰ্য্য-বীৰ্য্য দেখুৱাই তিনিউ ঠাইতে যথেষ্ট ৰণ কৰিছিল; তথাপি শিক্ষিত আহোম আৰু শিখৰ আগত তিষ্ঠিব নোৱাৰিলে। পাহাড় আশ্ৰয় কৰিও তত নাপালে। বৰফুকনৰ হিলৈয়ে পাহাড়ো খহাব ধৰিলে। কামৰূপীয়া ৰণুৱা প্ৰত্যেক ঠাইতে শই শই মৰিল। তিনিউ ঠাইতে মাথোঁন দুকুৰি আঢ়ৈকুৰি মানকৈহে মানুহ ৰ’ল। মহীৰাম, কমাৰকুচীয়া আৰু মদাৰ তলীয়া এই তিনিউজনে কোনো ৰকমে প্ৰাণে নমৰি ঘৰলৈ উলটিল। কিন্তু চেঁচামুখৰ ৰণত, সিংহবিক্ৰমেৰে যুঁজি, তৰোৱালৰ কোবত আঠোটা দহটাকৈ আহোম ৰণুৱা কাটিও শেষত আহোম ৰণুৱাৰ বন্দুকৰ গুলিত পৰি কামৰূপৰ বাহুবলী বীৰ বীৰদত্ত বৰুৱাই জননী জন্মভূমি কামৰূপ মাতৃৰ পৰা বিদায় লই অনন্তধামলৈ যাত্ৰা কৰিলে। আহোম ৰণুৱা সকলে চেঁচামুখৰ বাটেদি উত্তৰ কামৰূপৰ ভিতৰলৈ, বিশেষ জিকেৰি গাৱৰ ফাললৈ খোজ ললে।

উদ্দেশ্য হৰদত্তক গই ধৰি অনাটো। [ ১০২ ]

ছয়ত্ৰিংশ অধ্যায়

 এইবাৰ কামৰূপত, বিশেষকৈ জিকেৰিত, আৰু হৰদত্তৰ ফলীয়া যি সকল বৰুৱা, চৌধাৰী আৰু প্ৰজা আছিল, সেই সকলৰ ভিতৰত হাহাকাৰ মিলিল। হৰদত্ত বৰুৱাৰ ঘৰত বীৰদত্তৰ মৃত্যুৰ বাতৰি পাই কান্দোনৰ ৰোল উঠিল। বীৰদত্তৰ পতিপ্ৰাণা সতী সহধৰ্ম্মিনীয়ে গিৰিয়েকৰ মৃত্যুৰ বাতৰি পায়েই ধাচ্‌ কৰে পৰি যি মুচ্‌কচ্‌ গ’ল তাৰ পৰা আৰু দুনাই সাৰ নাপালে। তেওঁ সেই পিনেই নশ্বৰ দেহা এৰি বৈকুণ্ঠী হল। হৰদত্তে কান্দোন-কাটোনৰ মাজতো মহীৰাম, পদ্মকুমাৰী আৰু ঘৈণীয়েকক কলে:—“তোমালোকে ধনৰাত গৈ আশ্ৰয় লোৱা। ধনৰীয়া চৌধাৰী যেতিয়া এই বৰফুকনৰ সৈতে ভাল, তোমালোকক ৰক্ষা কৰিব পাৰিব। মই আত্ম সমৰ্পণ কৰোঁ”। ঘৈণীয়েকে কান্দি কান্দি কলেঃ—“আপুনি কয় কি? আমি নিজৰ প্ৰাণ বচাবলৈ ধনৰীয়াৰ ঘৰত চাপিম গৈ আৰু আপুনি আহোমৰ শূলত প্ৰাণত্যাগ কৰিব, এইটো হব নোৱাৰে। যদি আত্মসমৰ্পণেই কৰিব লাগে, তেন্তে বলক, আপুনি মই উভয়ে আত্মসমৰ্পণ কৰোঁ গৈ। জী-জোঁৱাই ধনৰালৈ যাওক। ” শহুৰ শাহুৰ এই কথা শুনি মহীৰামে আঠু লৈ জনালে—“মাতৃ! পিতৃ! আমিও আপোনালোকক এই বিপদত এৰি কাপুৰুষৰ দৰে নিজে বাচিবলৈ কলৈকো নাযাওঁ। এপৰৰ মূৰতে আহোম আহি এইখিনি পাব। বলক, আমি সৌ দূৰত যে সন্ধ্যাৰ ঝাৰখন দেখিছে তাৰে ভিতৰত আশ্ৰয় লওঁ গৈ। যেতিয়া আহোম সৈন্য উলটি যাব তেতিয়া আমি তাৰ পৰা ওলাই দেশ এৰি বিজনি বা গৌৰীপুৰলৈ যাম গৈ। ”
 মহীৰামৰ এই কথাকে যুক্তিসঙ্গত যেন দেখি বৰুৱাণীয়ে লৰৰ বেগতে যি দুডোখৰ কানি-কাপোৰ লব পাৰিলে ললে, আৰু অলঙ্কাৰ পাতি হাতত লুকুৱা অলপ ধনবিত যি আছিল তাকো লৈ বেগাবেগিকৈ চাৰিটি প্ৰাণী আৰু লগতে পদ্মকুমাৰীৰ হাত ধৰি লিগিৰীজনীক লৈ সন্ধ্যাৰ ঝাৰৰ ভিতৰত সোমাল গৈ। ওচৰৰ গোত জ্ঞাতিয়ে বীৰদত্তৰ পৰিয়ালৰ দাহন কাৰ্য্যাদি কৰিলে। [ ১০৩ ]  সন্ধ্যাৰ ঝাৰৰ ভিতৰতে মহীৰামে লগত নিয়া সৰু দা আৰু তৰোৱালখানেৰে হাবিৰ মাজতে সৰু সৰু গছ কাটি অলপ-অচৰপ খেৰ কাটি ঝুপুৰি এটা সাজি পাঁচোজন তাতে পৰি ৰল। ইফালে আহোম সৈন্যই হৰদত্ত বৰুৱাৰ হাউলি সোমাই গৰু-মহ, ধান-ধন বয়-বস্তু যি পালে সোপাকে লুটি-পুটি লৈ হৰদত্তৰ ঘৰ আৰু হাউলিবিলাকত জুই লগাই দিলে। হৰদত্তৰ বেটী বন্দী যি আছিল সেই সকলে আগেয়ে যেয়ে যিপিনে পালে সেই পিনে পলাইছিল। বৰফুকনে হৰদত্তক বিচাৰি ধৰিবলৈ এশ আহোম ৰণুৱা আৰু চোৰাং চোৱা আৰু কুমেদানে সৈতে দহজন শিখক এমাহলৈ উত্তৰ কামৰূপৰ ভিতৰত থাকিবলৈ হুকুম দি, আৰু যেয়ে হৰদত্তক ধৰি দিব পাৰে তাকে শিকা ৰূপ এশ দিম বুলি ঢোল পিটি শুনাই দি গুৱাহাটীলৈ উলটিল।

সাতত্ৰিংশ অধ্যায়।
নিয়তিৰ চক্ৰ।

 যি হৰদত্ত বৰুৱাই উত্তৰ কামৰূপত বৰফুকনৰ শাসন উচ্ছেদ কৰি আজি সাত বছৰে নিজৰ হাউলিত বেটি-বন্দীয়ে পৰিবৃত হৈ উত্তৰ কামৰূপত ৰাজত্ব কৰিছিল, যি হৰদত্ত একালত কামৰূপীয়া প্ৰজাৰ ৰঞ্জিত বীৰ আছিল, নিয়তিৰ চকৰিত, গ্ৰহ বৈগুণ্যত সেই হৰদত আজি অটব্য অৰণ্য- বাসী! যি হৰদত্তে আজি সাত বছৰে বৰফুকনক বাৰে বাৰে যুঁজত ঘটুৱাই কামৰূপীয়াৰ গৌৰৱ ৰক্ষা কৰি আছিল, সেই হৰদত্তই আজি বৰফুকনে দিয়া নাম মতে এজন সামান্য “বিদ্ৰোহী দন্দুৱা” অৰ্থাৎ বীৰ নহয়, এজন দন্দ কৰা ঢেকেৰী মাথোন। যি হৰদত্ত এদিন কামৰূপীয়া প্ৰজাৰ মনত দেৱতা স্বৰূপ আছিল আজি সেই হৰদত্ত অনেক কামৰূপীয়া প্ৰজা আৰু বিষয়াৰ মনত অত্যাচাৰী, দেশ দ্ৰোহী, নিজে গজি উঠা বুজৰ বৰুৱা। আজি সেই স্বদেশ বৎসল হৰদত্তৰ মূৰটোৰ ওপৰত তেওঁক ধৰি দিয়া জনৰ [ ১০৪ ] নিমিত্তে এশ ছিকা ৰূপৰ বটাৰ জাননী! যি হৰদত্তে ৰূপৰ বাসনতহে আহাৰ কৰিছিল আজি সেই হৰদত্তৰ আহাৰ বনৰীয়া কৌ পাতত। সেই আহাৰো আকৌ পূব কচাৰী মহলৰ কচাৰীহঁতৰ বস্তিৰ পৰা মনে মনে খুজি অনা ৰঙা আহু চাউল আৰু বনৰীয়া শাকৰ। তাকো আকৌ সদায় নিমিলা। যি হৰদতে দিনটোত তিন চাৰি সাজ চৰ্ব্ব চুষ্য লেহ্য-পেয় খাইছিল, সেই হৰদতে আজি কালি মাজে মাজে লঘোনেও থাকিব লগা হৈছিল। যি হৰদত্তৰ অসংখ্য ঘৰ দুৱাৰ মঠ মন্দিৰ আছিল আজি সেই হৰদত্তৰ কপালত জোৱাঁয়েক আৰু পদ্মকুমাৰীৰ হাতধৰী লিগিৰী জনীয়ে সজা পজা এডোখৰ। হায় গ্ৰহফল! হায় নিয়তিৰ চকৰি! হায় কৰ্ম্মফল! তোমালোকক বুজা টান। প্ৰভু ভগবন্ত! তোমাৰ মহিমা দুৰ্জ্ঞেয়।
 হৰদত্ত এইদৰে সন্ধাৰ ঝাৰৰ কাঠনি হাবিৰ মাজত ৰল। বেটীজনীয়ে আৰু মহীৰামে মাজে মাজে অতি সতৰ্কৰে ওলাই অচিনাকি বেশ লৈ স্বভাবৰ অজলা সেই পূব কচাৰি মহলৰ কছাৰি সকলৰ পৰা চাউল খুজি খুজি নিয়ে। বাঁহৰ চুঙাত, পদ্মকুমাৰী, বেটীজনী, বৰুৱানী সকলোৱে ওচৰৰ বিলৰ পৰা পানী আনে। বাহঁৰ চুঙাত ৰঙা আহু চাউল সিজায়। হাবিত গজা শাক পাচলিৰেই তৰকাৰি কৰে। মহীৰামে দিনৰ ভাগতেই শুকান গছৰ ঠানি কাটিকুটি আনি নিশা কাপোৰৰ অভাৱত জুই ধৰি ধুনি জালে। সেই ধুনিৰ চাৰিউকাষে কাটি অনা বিৰিনা পাতৰ ওপৰত সকলোটি পৰি থাকে। হৰদত্তে দিনেৰাতিয়ে কেৱল দুৰ্গাৰ নাম জপ কৰোতেই কাল নিয়াইছিল। ঘৈণীয়েক, জীয়েক, জোয়াঁয়েক এই সকলে “খা” বুলিলে খাইছিল, খাবলৈ নিদিলেও নুখুজিছিল।
 এই হাবিৰ মাজতো বিপদ আৰু অভাবৰ মাজতো মহীৰাম আৰু পদ্মকুমাৰী সুখী আছিল। অনেক সময়ত পদুমীয়ে মহীৰামৰ লগত খৰি কাঠ গোটাই আনিছিল। মাকৰ লগত গই পানীও আনিছিল। এইদৰে এই পৰিয়ালটোৰ হাবিৰ মাজতে দুমাহ গল। মহীৰাম আৰু বেটিজনীয়েই সকলো কাৰবাৰ কৰি বৰুৱা বৰুৱানীক খুৱাইছিল আৰু সুবিধা পালেই সেই হাবিৰ পৰা ওলাই গৌৰীপুৰৰ ফাললৈ বৰুৱা বৰুৱানী আৰু পদ্মকুমাৰীক লই যাবলৈ চেষ্টাত আছিল। কিন্তু উত্তৰ কামৰূপৰ চাৰিউফালে আহোম সৈন্য আৰু চোৰাং চোৱাই তেওঁ- লোকক ধৰিবলৈ ঘূৰি ফুৰিছে বুলি জানি হঠাতে সেই হাবিৰ পৰা ওলাবলৈ সাহ কৰা নাছিল। [ ১০৫ ]  এইদৰে ফাগুণ গ’ল, চ’ত গ’ল, বহাগ পৰিল, ১৭৯৬ শক হল। বহাগ সোমাবৰে পৰা হৰদত্ত বৰুৱাৰ মন আৰু বেয়া হল। তেওঁ এক প্ৰকাৰ মৌন-ব্ৰত লোৱাৰ দৰে ললে। খাবলৈ খুজি মাগি অনা চাউলৰ ভাত দিলেও নোখোৱাত পৰিল। ইয়াৰ কাৰণ হৈছিল যে হৰদত্তক ভাতৃ শোকে বৰকৈ পীড়িছিল; আৰু তাৰ লগতে তেওঁ জানিছিল যে তেওঁৰ আয়ুস শেষ হইছে। তেওঁ সপোনত সঠিকত মৃত্যু হবলগীয়া হলে যি বিলাক অমঙ্গল দেখা যায় সেই সমস্তকে দেখিছিল। তেওঁ অহৰ্নিশে দুৰ্গাৰ নাম জপাত মগ্ন আছিল। তেওঁৰ আচৰণত ঘৈণীয়েক, জীয়েক, জোঁৱায়েক বৰ বিষণ্ণ হৈ পৰিছিল। তেওঁলোকে ভাবিছিল যে যিমান সোনকালে পাৰে বৰুৱাক লৈ তাৰ পৰা গৌৰীপুৰৰ ফালে পলাব পাৰিলেই তেওঁলোকৰ দুৰ্দ্দিন গৈ সুদিন আহিব। হৰদত্তে কিন্তু জানিছিল যে ঘটনা চকৰিয়ে তেওঁক মৃত্যুৰ ফাললৈ টানিছে।

অষ্টাত্ৰিংশ অধ্যায়।

 এইদৰে হাবিৰ মাজত কাল কটাওঁতে জেঠ মাহ পৰিল। এদিন বৰুৱানীয়ে জীয়েক আৰু বেটীজনীয়ে সৈতে ওচৰৰ বিললৈ পানী আনিবলৈ গল। পানী লৈ উলটি ঘৰ পাওঁ পাওঁ হঁওতেই কৰ পৰানো ওলাই এটা চকৰি-ফেটী সাপে তেওঁৰ ভৰিতে খোট মাৰি দিলে। তেওঁ উহ্‌ উহ্‌ কৰি লৰি জুপুৰিৰ ভিতৰত সোমায়ে ঢাল খাই পৰিল। কি হল কি হল বুলি জীয়েক জোঁৱায়েক বৰুৱাই সাৱটি ধৰিলে। বৰুৱানীয়ে সেহাই সেহাই কলে মোক ফেটী সাপে খুটিলে—মই আৰু নাবাচোঁ। এই কথা শুনা মাত্ৰকে পদ্মকুমাৰীয়ে “আই ঔ! মোৰ মাইৰ কি হল ঔ! বুলি মুচকচ্ হৈ, পৰিল। মহীৰামে আৰু বেটীজনীয়ে “আমি সাপৰ বিষ জাৰিব পৰা বেজ লৈ আহোঁ গৈ” বুলি গাৱঁলৈ গ’ল। গাৱঁত গৈ বেজ বিচাৰে মানে ইফালে বৰুৱানীৰ মৃত্যু হল।
 বিপদ হেনো অকলৈ নাহে। এই কথাটো ধ্ৰুব সত্য। বেজ বিচাৰিবলৈ যোৱা গাওঁ খনতে তিনি চাৰিটা শিখ আৰু দহ