মনে মনে শলাগিছিল। উভয়ৰে উভয়লৈ প্ৰণয় দিনক
দিনে ডাঠ হৈ উঠিছিল।
ইফালে হৰদত্ত বৰুৱাৰ গৃহিণী পদ্ম কুমাৰীৰ মাকে পদ্ম
কুমাৰীক দিনক দিনে পূৰ্ণিমাৰ জোনটিৰ দৰে বাঢ়ি অহা
দেখি চিন্তিত আৰু শোকাকুলো হৈছিল। শোকাকুল
হোৱাৰ কাৰণ, তেওঁনো কোনটা সতে তেওঁৰ একজনী
জীয়াৰীক আনলৈ বিয়া দি উলিয়াই দিব। চিন্তিত হৈছিল
যে গিৰিয়েকে জীয়াৰী পূৰ্ণ যৌবনা হোৱা স্বত্বেও তাইৰ
বিয়াৰ বিষয়ে মনকাণকে কৰা নাছিল। হৰদত্ত বৰুৱা
ৰণ বিগ্ৰহত, সৈন্য সামন্ত গোটোৱাত আৰু সেই সকলৰ
ৰছদ পাতি যোগোৱাতে বাস্ত আছিল। জীয়াৰীৰ বিয়াৰ
নিমিত্তে কোনো কথাকে ভাবিবৰ তেওঁৰ আহৰিয়ে নাছিল।
বৰুৱানীয়ে মনে মনে স্থিৰ কৰিছিল তেওঁ পদ্মকুমাৰীক
যালৈ বিয়া দিব সেইজনক নিজ ঘৰতে চপনীয়া কৰি
ৰাখিব। তেওঁ তেওঁৰ সেই একেটি মাত্ৰ সন্তানক আনৰ
ঘৰলৈ যাবলৈ এৰি নিদিব। পদুমক এৰি দি তেওঁ এখন্তেকো জীয়াই থাকিব নোৱাৰিব। পদ্মকুমাৰীৰ হাতধৰী
লিগিৰীৰ পৰা বৰুৱানীয়ে এইটোও জানিছিল যে মহীৰামে
পদুমীক আৰু পদুমীয়েও মহীৰামক ভাল পায়। পদুমী
যেনেকুৱা ধুনীয়া মহীৰামো সেই লেখীয়া এজন ৰূপবান
ডেকা আৰু বীৰ। তদুপৰি মহীৰাম সৰুৰে পৰা তেওঁ
লোকৰ ঘৰতে পদুমে সৈতে একে লগে ডাঙ্গৰ দীঘল
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৬
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
