পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


কৰিছে। সেই দেখি ময়ো ইফালে ৰণৰ উদ্যোগত থাকিব লগা হৈছে।
 বৰুৱানী—“বাৰু আকৌ যদি ৰণ লাগে ৰণ কৰিব। যেতিয়ালৈকে মা ভগবতী—অপোলৈ প্ৰসন্না থাকে তেতিয়া লৈকে আপোনাক বৰফুকনে বলে নোৱাৰে। বাৰু মোৰ কথাটো, এফেৰা মন দিওকচোন”।
 হৰদত্ত—“বাৰু কি কথা কোৱাচোঁ। ”
 বৰুৱানী-— আপুনি আমাৰ মাইছানালৈ মন কৰিছেনে? হৰদই - বাছাকতো সদাই দেখিয়ে আছোঁ; সেইয়া তাই দেখোন শুয়ে আছে।
 বৰুৱানী—তাই পূৰ্ণ যৌবনা হল। তাইক পাত্ৰস্থা কৰা বিষয়ে কিবা ভাবিছেনে?
 হৰদত্ত—বিয়া দিবৰ সময় হৈছে বুলি ময়ো জানিছো। আৰু তেউজ বেলি দৈবজ্ঞ দুজনে কইছিল তাই হেনো ৰাজৰাণী হব লাগে। মই দেখোন সদ্যহতে তাইলৈ কতো নিজ কলিতা জাতৰ ৰজাৰ লৰা নেদেখো। এই কাৰণেই আৰু সদ্যহতে ৰণ বিগ্ৰহত লাগি থকা বাবেও মই তাইৰ বিষয়ে ভবা নাই।
 বৰৱানী – আপুনি তেন্তে সেই গণকৰ কথাকে বিশ্বাস কৰি তাইৰ বিয়াৰ বিষয়ে মন কাণ কৰা নাই। মই এটা কথা কওঁ।
 হৰদত্ত—“কোৱা”।