হৈছে৷ মহীৰাম জাতে-কুলে বংশ-গৌৰবেও হীন নহয়৷
মহীৰামৰ ভাই ককাই আই বোপাই নাই যেতিয়াই পদুমক
মহীৰামলৈকে বিয়া দি সদাই জী-জোঁৱাই উভয়কে নিজৰ
ঘৰতে ৰাখিব পাৰিব৷ এইদৰে ভাবিচিন্তি তৃতীয় বছৰৰ
মাঘ মহীয়া ৰণৰ আগতে অৰ্থাৎ, পুহমহীয়া এনিশা বৰুৱানীয়ে
পদ্মকুমাৰীক টোপনি যোৱা যেন দেখি শুবৰ সময়ত
গিৰিয়েকক ক’লে :– “চাওকচোন আপুনি আজি দুবছৰে
কেৱল ৰণতে মত্ত৷ ঘৰৰ ফালে কি হৈছে কি নহৈছে
আপুনি একোৰে বুজ নলয়৷”
হৰদত্ত—“কি বুজ লব লাগে মাইছানাৰ মাক ॥ তোমাৰ
নিচিনা চাবতিয়াল ঘৈণী থাকোঁতে মোৰ ঘৰৰ চিন্তা কি
হৰ? তাৰ উপৰিও দৰাচলতে মোৰ মগজুত এতিয়া ৰণ
বিগ্ৰহৰ চিন্তাত বাজে আন কেনো চিন্তাই ঠাই নাপায়”৷
বৰুৱানী-“ৰণ দেখোন আপুনি জিকিছেই৷ আপুনিয়েই
দেখোন আজিকালি আমাৰ উত্তৰ কামৰূপৰ একচ্ছত্ৰী ৰজা৷
এনেস্থলতনো আপোনাৰ চিন্তা কিহৰ”?
হৰদত্ত—নহয় তুমি নাজানা৷ যদিও এই গল দুবছৰে
আহোমৰ বৰফুকনটোক যথেষ্ট সেকা দিছোঁ তথাপি যে
নিশ্চিন্ত হলো, সেইটো নহয়৷ লেকেটা আহোমে যে এই
দুই বেলি ঘাটিয়েই ৰণ এৰি পলাব সেইটো নহয়; সি
আকৌ এমাহ মানৰ পিছতে তয়া ময়া ৰণ লগাবলৈ যো যা
পৃষ্ঠা:দন্দুৱা দ্ৰোহ.pdf/১০৭
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
