এইদৰে ফাগুণ গ’ল, চ’ত গ’ল, বহাগ পৰিল, ১৭৯৬ শক হল। বহাগ সোমাবৰে পৰা হৰদত্ত বৰুৱাৰ মন আৰু বেয়া হল। তেওঁ এক প্ৰকাৰ মৌন-ব্ৰত লোৱাৰ দৰে ললে। খাবলৈ খুজি মাগি অনা চাউলৰ ভাত দিলেও নোখোৱাত পৰিল। ইয়াৰ কাৰণ হৈছিল যে হৰদত্তক ভাতৃ শোকে বৰকৈ পীড়িছিল; আৰু তাৰ লগতে তেওঁ জানিছিল যে তেওঁৰ আয়ুস শেষ হইছে। তেওঁ সপোনত সঠিকত মৃত্যু হবলগীয়া হলে যি বিলাক অমঙ্গল দেখা যায় সেই সমস্তকে দেখিছিল। তেওঁ অহৰ্নিশে দুৰ্গাৰ নাম জপাত মগ্ন আছিল। তেওঁৰ আচৰণত ঘৈণীয়েক, জীয়েক, জোঁৱায়েক বৰ বিষণ্ণ হৈ পৰিছিল। তেওঁলোকে ভাবিছিল যে যিমান সোনকালে পাৰে বৰুৱাক লৈ তাৰ পৰা গৌৰীপুৰৰ ফালে পলাব পাৰিলেই তেওঁলোকৰ দুৰ্দ্দিন গৈ সুদিন আহিব। হৰদত্তে কিন্তু জানিছিল যে ঘটনা চকৰিয়ে তেওঁক মৃত্যুৰ ফাললৈ টানিছে।
এইদৰে হাবিৰ মাজত কাল কটাওঁতে জেঠ মাহ পৰিল। এদিন বৰুৱানীয়ে জীয়েক আৰু বেটীজনীয়ে সৈতে ওচৰৰ বিললৈ পানী আনিবলৈ গল। পানী লৈ উলটি ঘৰ পাওঁ পাওঁ হঁওতেই কৰ পৰানো ওলাই এটা চকৰি-ফেটী সাপে তেওঁৰ ভৰিতে খোট মাৰি দিলে। তেওঁ উহ্ উহ্ কৰি লৰি জুপুৰিৰ ভিতৰত সোমায়ে ঢাল খাই পৰিল। কি হল কি হল বুলি জীয়েক জোঁৱায়েক বৰুৱাই সাৱটি ধৰিলে। বৰুৱানীয়ে সেহাই সেহাই কলে মোক ফেটী সাপে খুটিলে—মই আৰু নাবাচোঁ। এই কথা শুনা মাত্ৰকে পদ্মকুমাৰীয়ে “আই ঔ! মোৰ মাইৰ কি হল ঔ! বুলি মুচকচ্ হৈ, পৰিল। মহীৰামে আৰু বেটীজনীয়ে “আমি সাপৰ বিষ জাৰিব পৰা বেজ লৈ আহোঁ গৈ” বুলি গাৱঁলৈ গ’ল। গাৱঁত গৈ বেজ বিচাৰে মানে ইফালে বৰুৱানীৰ মৃত্যু হল।
বিপদ হেনো অকলৈ নাহে। এই কথাটো ধ্ৰুব সত্য। বেজ বিচাৰিবলৈ যোৱা গাওঁ খনতে তিনি চাৰিটা শিখ আৰু দহ