সমললৈ যাওক

পৃষ্ঠা:দদাইৰ পজা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০১
দদাইৰ পজা

পাব। কিন্তু ক’ত? সেই/বাগিচাত দেৱবাৰ আনবৰ সমান। আনবাৰে যি কাম দেৱবাৰেও সেই কাম। প্ৰথমে প্ৰথমে কাম কৰি আহি জুহালৰ জুইৰ পোহৰতেই অলপ পৰ বাইবেলখন পঢ়িছিল। পাছত টমে ইমান কামৰ কোব সহিব নোৱাৰা হ'ল। গধুলি ঘৰলৈ উভতি আহোঁতে টমে শেহত মুৰ ঘুৰুৱা আৰু চকুৰে এন্ধাৰ দেখাৰ নিমিত্তে আৰু সেইকণপৰো পঢ়িব নোৱাৰা হ'ল। আনবোৰ বনুৱাৰ দৰে ভাগৰ লাগি আহি ধাৰি-পাটীত দীঘল দি পৰিছিলহি।

 এদিন গধূলি জুহালত তেওঁ ৰান্ধি আছিল। মনত দুখ। ভাবিলে বাইবেলখন অলপ পঢ়ে তাকে ভাবি নুমাই যোৱা জুইত আৰু অলপ ভগা-চিগা খৰি দিলে। বাইবেল-খন উলিয়ালে। সেই পবিত্ৰ কিতাপ খনিত তেওঁৰ ভাল লগা ঠাইবোৰত চিন দিয়া আছে। কিন্তু চকুৰে ভালকৈ নমনে। কি কৰিব? কিতাপ খনি আকৌ জেপত ভৰাই থ’লে। কোনোবা এটাই কৰ্কশ হাঁহিৰে তেওঁক শুধিলে, “তেনেহলে বন্ধু, ধৰ্ম্মে তোক আৰু কাম নিদিলে নহয় নে?”

 এই কথাষাৰে টমক বৰ বিন্ধিলে। তেওঁ মনে মনে থাকিল।

 লেগ্ৰীয়ে ক'লে, “তোৰ অকণো বুদ্ধি নাই। তোৰ ভালৰ নিমিত্তে মই তোক কিনিছিলোঁ। তই এতিয়া স্যাম্বো আৰু কুইম্বোৰকৈও ভাল কাম পালি হয় আৰু তোৰ ইমান দুখ আৰু কষ্টও নহল হয়। টম, মোৰ কথা শুন।”