পৃষ্ঠা:দদাইৰ পজা.pdf/১১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০৬
দদাইৰ পজা

কিবা এটা হব। লেগ্ৰীৰ নীচ হৃদয়ৰ কথা টমে ভালকৈ। জানিছিল। কিন্তু টম ঈশ্বৰ-বিশ্বাসী। ঈশ্বৰৰ ওপৰত বিশ্বাস ইমান আছিল যে, তেওঁ মৃত্যুকো ভয় নকৰিছিল।

 তেওঁৰ পাচি এফালে থৈ ওপৰলৈ চাই ক'লে, “তোমাৰ হাতত, হে প্ৰভু, মোৰ আত্মা সঁপি দিছোঁ। তুমি মোক তো কিনি লৈছা, হে মোৰ প্ৰভু, সত্যৰ প্ৰভু।” এই বুলি কুইম্বোক ক'লে, “এতিয়া মোক লৈ যোৱা।"

 অসুৰটোৱে টমক টানি আজুৰি লৈ যাওঁতে যাওঁতে কলে, “হা, হা, এইবাৰ সেকা পাবি। মাষ্টৰ খংত জ্বলি-পকি আছে। মজা পাবি। তোৰ ইমান সাহ যে, মাষ্টৰৰ নিগাৰ- বোৰক তই পলাই যাবলৈ শিকাৱ। চাবি এতিয়া তোৰ কি হয়?” এইবোৰ কথা টমৰ কাণে দি সোমোৱাই নাই। কোনোবাই যেন ওপৰৰ পৰা এই কথা টমক শুনাইছে। “যি তোমাৰ শৰীৰক ধ্বংস কৰে, তাক ভয় নকৰিবা। সি আৰু তোমাৰ একোকে কৰিব নোৱাৰে।”

 টমে ভাবিলে তেওঁৰ মুক্তি ওচৰ।

 লেগ্ৰীয়ে টমক দেখিয়েই তেওঁৰ চোলাৰ কলাৰটো ধৰি কলে, “তই জান নে টম, তোক আজি মই মাৰিম।” টমে ধীৰ ভাবে উত্তৰ দিলে “হব পাৰে প্ৰভু।”

 "হব পাৰে নহয়, মই ঠিক কৰিছোঁ যে, আজি মই তোক মাৰিম। যদি কৱ ছোৱালীদুটা কত আছে, তেনেহলে তোক মই ক্ষমা কৰিম। নহলে তোক মাৰি পেলাম। ক।