পৃষ্ঠা:দদাইৰ পজা.pdf/১১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪
দদাইৰ পজা

ব্যৱহাৰৰ নিমিত্তে সেই বাগিচাৰ সকলোৱে সেই মিউলটো তিৰুজনীৰৰ এনে কি কেসিৰো ভগবানৰ ফালে মন গল। টমৰ ব্যৱহাৰে আটাইৰে মন স্নিগ্ধ কৰিলে। ভাল মানুহৰ লগত থাকিলে সকলোৱেই ভাল হয়। টমৰ লগ পোৱাৰ নিমিত্তে সেই বাগিচাৰ সকলো কাম কৰা মানুহেই ভাল হ'ল। সদাই ভাল মানুহৰ লগত থকা ভাল। বেয়া মানুহ সকলো সময়তে সাপৰ দৰে। সাপক দেখিছা। সাপক মানুহে বশ কৰে, দেখিছা। কিন্তু সাপক পুৰাপুৰি বশ কৰিব কোনেও নোৱাৰে। কিন্তু মানুহৰ কথা বেলেগ। বেয়া মানুহ ভাল মানুহৰ লগত থাকিলে, ভাল মানুহৰ কথা শুনিলে আজি নহয়, কালি নহয়, এদিন ভাল হবই হব। সেই বাগিচাৰ কাম কৰা মানুহবিলাকৰ স্বভাৱেই তাৰ এটি উজ্জ্বল দৃষ্টান্ত।

⸻⸻

 কোনো বস্তুৱেই সকলো সময়তে একে নেথাকে। চিৰ- দিন কেতিয়াও সমানে নাযায়। কেসি আৰু এমেলিন বুলি এজনী তিৰুতাৰ দাসত্ব শেহ হ’ল। সিহঁত পলাল। সিহঁত পলাই যোৱাত লেগ্ৰীৰ খঙ্গৰ মাত্ৰা আৰু বাঢ়িল। খঙ্গৰ কোব পাৰিল গৈ টমৰ গাত। লেগ্ৰীয়ে ভাবিলে যে, টমৰ শিক্ষাতে এনে ঘটনা হ’ল “সি মোৰ নহয় নে? মোৰ যি ইচ্ছা যায় মই তাকে কৰিব নোৱাৰোঁ নে? তাক যদি মই মাৰিব খোজোঁ কোনে ৰাখিব পাৰে? তাৰ সাহ ইমান হয় যে, মোৰ কামত বাধা দিব।” কিন্তু টম ভাল চাকৰ। কাম