লেগ্ৰীয়ে ক'লে, “সি সই নেকাঢ়িলে মাৰি থাকিবি, মাৰি থাক, মাৰি থাক। যিমান পৰলৈকে নকয় মাৰি থাকিবি।”
টমে চকু মেলি লেগ্ৰীৰ ফালে চাই ক'লে, আপোনাৰ আৰু কি কৰিবৰ আছে? একোকে নাই। আপোনাৰ অদৃষ্ট বৰ বেয়া কিন্তু মই আপোনাক মোৰ অন্তৰতম হৃদয়ৰ পৰা ক্ষমা কৰোঁ।” এই বুলি একেবাৰেই মুচকচ্ গ’ল।
লেগ্ৰীয়ে অলপ আগ বাঢ়ি আহি কলে, “ইঃ, সচাকৈয়ে ইয়াৰ ফালে শেষ হ’ল ই গ’ল। ভালেই হ’ল। ইয়াৰ মুখ বন্ধ হ’ল।”
এই বুলি লেগ্ৰী তাৰ পৰা গুচি গল। লেগ্ৰী যোৱাতে আটাইবোৰ নীগ্ৰো একেলগ হৈ টমক সেৱা কৰিব ধৰিলে। স্যাম্বোই এবাৰ কলে, “আমি আটায়ে বেচাৰাক কি যে নিষ্ঠুৰ ব্যবহাৰ কৰিছোঁ। হায়, হায় কিয় কৰিলোঁ।”
টমে চকু মেলি চাই লাহে লাহে ক'লে, “একো কথা নাই। মই তোমালোকক আটাইকে ক্ষমা কৰিছোঁ স্যাম্বো।”
এই ঘটনাৰ দুদিন পাছত এজন ডেকা লৰাই গাড়ী
ডকাই আহি লেগ্ৰীৰ ঘৰৰ আগত ৰ’ল হি। নামি গৰাকীৰ
সৈতে দেখা কৰিব খুজিলে। এওঁ জৰ্জ শ্বেলবি। নৈৰ ভাটিৰ
ফালে মাকৰ জমিদাৰীৰ সংক্ৰান্ত কাম তদাৰক কৰিবলৈ
আহি এবাৰ টমক বিচাৰি চাবলৈ মন গ'ল। কেবা মাহো