পৃষ্ঠা:দদাইৰ পজা.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
দদাইৰ পজা

 টমে কলে,“মই যি বাট ধৰিছোঁ, ধৰিয়েই থাকিম। ঈশ্বৰ মোৰ সহায় হওক কি নহওকেই মই তেঁওক কেতিয়াও নেৰোঁ। আৰু এই জীৱনর শেষলৈকে মই তেওঁক নেৰোঁ।”

 “তোক এতিয়াও ঠিক কৰিম, বুজিলিনে? খবৰদাৰ!” লেগ্ৰীয়ে এই বুলি কৈ গুছি গল।

 ঈশ্বৰৰ কি আচৰিত সৃষ্টি। যেতিয়া মানুহৰ দুখ কষ্ট হয়, যেতিয়া আৰু কোনো আশা-ভৰসা মানুহে নেদেখে, তেতিয়া ঈশ্বৰে তেওঁৰ শক্তিক বৰণ কৰি লবলৈ উপযুক্ত বল দিয়ে। টমৰো সেই অৱস্থা হ'ল। টমৰ বেতৰ কোবৰ ঘা শুকুৱা নাই, মনত অশান্তি, সকলো পিনে দুখ কষ্ট কিন্তু এক ঐশ্বৰিক শক্তি আহি টমক নৰশক্তি দিলে। নিৰ্ব্বিকাৰ ভাব উপস্থিত হ'ল। দুখ কষ্টৰ সীমাৰ বাহিৰলৈ টম গ'ল। তেওঁৰ শৰীৰ আৰু মনত যিমানেই দুখ থাকক আনৰ দুখ দেখিলেই টম সেই ঠাইত উপস্থিত হৈ আনৰ দুখ লাঘৱ কৰিছিল। এই মানুহটীয়ে সকলো দুখৰ ভাৰ বহন কৰি- ছিল। কথাতো কামতো। সকলোৰে অন্তৰত সুখ দিবলৈ চেষ্টা কৰিছিল। তোমালোকে ৰবীন্দ্ৰনাথ ঠাকুৰ জগৎ কবিৰ সঙ্গীত (নাম) জানা “আসন তলৰ মাটীৰ পৰে লুটিয়ে ৰব।” টমৰো সেই ভাব। টমে নিজে কোনো বস্তু আগৈয়ে নলৈ সকলোৱে লোৱাৰ পাছত যি বাকি থাকিছিল তাকে লৈছিল। টম, তুমি আদৰ্শ পুৰুষ এজন, তুমি এজন মহাপুৰুষ।

 জাৰ। টমৰ গাৰ কাপোৰ আনি আনক দিছিল। জহ।