টম নীৰবে থিয় হৈ থাকিল।
“তই নাই শুনা নে” সিংহৰ গৰ্জ্জনৰ দৰে লেগ্ৰীয়ে সুধিলে, “নকৱ কিয়?”
“মোৰ একো কবৰ নাই।” টমে ধীৰ আৰু দৃঢ়ভাবে উত্তৰ দিলে।
লেগ্ৰীৰ আৰু খং বাঢ়িল। কিন্তু খং দমন কৰি কলে, “টম, শুন্, তোক মই আগৈয়ে এৰি দিছোঁ দেখি তই ভাবিছ, এইবাৰো এৰিম। নেৰোঁ, বুজিলি নে? মই বহুত ভাবি- চিন্তি এই কথা কৈছোঁ। হয় তোক ঠিক কৰিম, নহলে তোক মাৰি পেলাম। তোৰ প্ৰতি টোপা তেজ গণিম (ইয়াৰ মানে হৈছে গাৰ সকলো তেজখিনিয়েই উলিয়াব) আৰু তই নমৰালৈকে তোক নেৰোঁ।”
টমে তেওঁৰ গৰাকীৰ ফালে চাই ক'লে, “প্ৰভু, আপোনাৰ যদি কিবা দুখ কি বিপদ হয়, কি বেমাৰ হয় মই আপোনাৰ উপকাৰৰ নিমিত্তে প্ৰাণ দিবলৈ সাজু আছোঁ। এই মহা- পাপ কিন্তু আপনি নকৰিব। আপোনাৰ যিহকে ইচ্ছা হয় কৰোক⸺মোৰ কষ্ট শেষ হব, কিন্তু আপোনাৰ দোষৰ নিমিত্তে যদি আপুনি অনুতাপ নকৰে আপোনাৰ কষ্টৰ শেষ কেতিয়াও নহয়।”
এনে কথা শুনি টমক মাৰি মাৰি মাটীত পেলালে।
বহুত পৰ মাৰাৰ পাছত স্যাম্বোৰ মনও গলিল। কলে, “প্ৰভু তাৰ ফালে আইধা হয়—আৰু”