পৃষ্ঠা:দদাইৰ পজা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
দদাইৰ পজা

জিলিক-মিলিক কৰিছিল। কি সুন্দৰ বতাহ : জাহাজ খনৰ গতিয়েই বা কেনে গম্ভীৰ আৰু মিঠা। অলপ যোৱাৰ পাছত সিপাৰৰ ইংৰাজ বসতি দেখা গ'ল। তাৰ পাছত ক্যান্যাডাৰ এম্‌হাষ্টবাৰ্গ { Amberstlburgh) বুলি এখন ঠাইত জাহাজ ৰ'ল গৈ। তেওঁলোক নামিল। মুক্তা এতিয়া আৰু গোলাম নহয়। জাহাজ যেতিয়া আকৌ মেলি দিলে, কিছু দূৰৈলৈ যোৱাত জৰ্জ আৰু ইলাইজাই হেৰিক সাবট মাৰি ধৰি আনন্দত কান্দি পেলালে। আৰু আঠু কাঢ়ি সেই কৰুণাময় পৰমেশ্বৰক কৃতজ্ঞতা জনালে। মিসেস্ স্মিথে এওঁলোকক এজন ধৰ্ম্মভীৰু খ্ৰীষ্টানৰ ঘৰলৈ লৈ গ'ল। এই খ্ৰীষ্টানজনে এনে বহু মানুহক আশ্ৰয় দিছিল।




 আশা কৰোঁ তোমালোকে ডাঙ্গৰ হ'লে এখন Uncle Tom's Cabin পঢ়িবা। ইয়াত সকলো কথা দিয়া হোৱা নই। এইখন অতি চমু কিতাপ্‌। চমু কিতাপ পঢ়ি সোৱাদ পাই ডাঙ্গৰ কিতাপ পঢ়িবা দেই।

 এতিয়া টমৰ তালৈ যাওঁ ব’লা। তেওঁৰ ঘাবোৰ শুকুৱাৰ আগৈয়েই লেগ্ৰীয়ে হুকুম দিলে যে, টমে বাগিচাৰ কাম কৰিব লাগে। টমৰ দুখ আৰু কষ্টৰ মাত্ৰা বাঢ়িল। লেগ্ৰীয়ে টমক বহুত ৰকম কষ্ট যন্ত্ৰণা দিবলৈ আৰম্ভ কৰিলে। এনে নীচপ্ৰকৃতিৰ মানুহৰ আনক কষ্ট দিবৰ ছুতা ওলায়েই থাকে। টমে ভাবিছিল যে, দেৱবাৰে তেওঁ বাইবেলখন পঢ়িবলৈ সময়