এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নাই আৰু গদাপাণি, নাই ক’তো ছিন-বন,
অকলে অকলে কান্দি আছে জয়মতী;
এনেতে মিহিয়ে আহি ধৰিলে হাতত
নেৰিলে, কতনো ৰাণী কৰিলে মিনতি॥
কাকূতি মিনতি কৰি ক’লৈ কুঁৱৰীয়ে কান্দি:—
“তিৰুতা মানুহ মই, কিয় ধৰ মোক?
“মইটো নহওঁ তোৰ শতুৰু ৰজাৰ?
“এৰিদে এৰিদে মোক, মাতোঁ মই তোক॥
“অৱলা তিৰুতা মই কাৰো ক’তো একো হানি
“নাই কৰা কোনোকালে জ্ঞান-বিশ্বাসত;
