সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 কিয়নো চিঙ্গাৱ তই অকালত তোৰ
 জীৱনৰ ফুল দেহা কোমল লতাৰ”?

জয়মতী—কিৰূপেনো কওঁ, মিহি! কেনি গ’ল গুছি?

 “মইটো যাওতে তেওঁ নাই পোৱা দেখা!
 “পোৱা হ’লে দেখা, মই কই দিলো হয়,
 মিহি! তোৰ হৃদয়ত নাইনেকি বেথা?”
মিহি—“নাই বেথা, নাই দয়া, মই মিহি চাউডাঙ্গ
 “নিষ্ঠুৰ আমাৰ জাতি জানে জগতত॥
 “সঁচা কথা যদি তই নকৱ আমাক,
 “ব’ল তোক লই যাওঁ ৰজাৰ কাষত॥
 “* * * * *
 “* * * * *”

    লগৰীয়া সবে স’তে লই কুঁৱৰীক

 মিহি চাউডাঙ্গ হ’ল বনৰ বাহিৰ;
 সোৱামী সাৰিল জানি দুখুনী কুঁৱৰী
 প্ৰবোধিলে আপোনাৰ হৃদয় অথিৰ॥