তিৰুতাৰ আত্মদান কাব্য/সপ্তম সৰ্গ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তিৰুতাৰ আত্মদান কাব্য
লেখক হিতেশ্বৰ বৰবৰুৱা

[ ৬৬ ]

সপ্তম স্বৰ্গ।
——––৹৹০৹৹––——

 No no, I will not say it⸻⸻
⸻⸻I choose, I will not take a heave
Haunted with shrieks of fal-off misery.
   ⸻⸻⸻George Eliot
    কতনাযে ল’ৰা ৰজা ফুচুলায় কুঁৱৰীক
 তথাপি নকয় ৰাণী কথা সোৱামীৰ।
 কিৰূপেনো কয় তেওঁ? কিয়নোবা ক’ব, হায়?
 স্বামীহেন ধন আৰু আছে কি তিৰীৰ?
 কতনাযে ল’ৰা ৰজা শাস্তি দিছে কুঁৱৰীক,
 কতনো কইছে, “কছোঁ গদা কেনি গ’ল?”
 কত চৰ কত ভুকু পৰিছে লাহৰি গাত,
 তথাপি নকয় একো কুঁৱৰী অটল॥
 অমানুষী অত্যাচাৰ নিৰৱে সহিছে ৰাণী,
 নিৰৱে নিৰলে কান্দি চকুলো টুকিছে।
 তথাপি নকয় তেওঁ স্ৱোৱামীৰ কথা একো,

[ ৬৭ ]

নিৰদয় ল’ৰা ৰজা কতনো মাৰিছে॥


নহয় নহয় ৰাণী অতি ভয়াতুৰা তিৰী,
নকয় নকয় তেও কথা স্বোৱামীৰ
আৰু মাৰ চৰ ভুকু, নৰাধম ল’ৰা ৰজা!
আৰু কৰ কুঁৱৰীক শাস্তিত অথিৰ॥
নকয় নকয় তেওঁ কেতিয়াও সেই কথা
যাৰ পৰা হ’ব পাৰে দুৰ্গতি স্বামীৰ,
নাভাবিবি সপোনতো ক’ব সেই কথা তেও,
এনেকুৱা চিত, হায়! নোহে কুঁৱৰীৰ॥

জানে ভালকই ৰাণী তিৰুতাৰ ধন

নোহে ধন অলঙ্কাৰ সুবৰ্ণ ৰতন,
নোহে ধন মণি কেৰু বাখৰুৱা খাৰু,
স্বোৱামীত বাজে ধন ক’তো নাই আৰু॥
জানে ৰাণী ভাল কই, স্বামী-হেমহান

[ ৬৮ ]

হেৰালে নাপায় আৰু ঘূৰি জীৱনত;
তেনুৱা ধনক নেকি দিবহি চোৰক
থাকোতে পৰাণ-বায়ু দেহাৰ মাজত?
প্ৰাণ যাব কুঁৱৰীৰ, তথাপিটো তেওঁ
আদৰৰ হেমহাৰ নিদিয়ে চোৰক,
পৰাণ থাকোতে ৰাণী কেতিয়াও তেওঁ
নিদিয়ে আপোন ধন হৰিব আনক॥

খঙ্গমনে ল’ৰাৰজা কয় ঘনে ঘনে

“আপোনাৰ ভাল যদি আশা কৰ তই,
“প্ৰাণত যদিহে মায়া আছে অন্তৰত
“কইদে সোৱামী তোৰ আছে ক’ত গই?
“নকবি যদিহে আজি, গদা কেনি গ’ল,
“আদৰৰ প্ৰাণ তোৰ নাথাকে দেহত,
“পাছত গদাকো ধৰি পৰাণ মাৰিম,
“নোৱাৰে পলাই সিটো সাৰিব বনত॥
“গোটেই দেশৰ বন কৰি পিটা পিট

[ ৬৯ ]

 “প্ৰতি ঘৰে প্ৰতি ঘবে কৰি অন্বেষণ
 “ধৰিটো নিশ্বয় মই অনাম গদক,
 “(ৰাজ্যৰ কণ্টক) তাৰ বধিম জীৱন॥
 “নক’ৱ গদাৰ কথা, পাৰিবি কি তই
 “ৰাখিব গদাৰ প্ৰাণ নকই নেমেলি?
 “পাৰবা তেতিয়া তই ৰাখিব গদাক
 “যেতিয়া পশ্চিম ফালে ওলাবহি বেলি॥”

জয়মতী—“মহাৰাজ! সেই কথা নেলাগে তোমাক ক’ব,

 “পাৰোঁবা নোৱাৰোঁ প্ৰাণ স্বামীৰ ৰাখিব,
 মইটো নকওঁ প্ৰাণ থাকোঁতে সি কথা
 “যি কথাই অপকাৰ তেওঁক কৰিব॥
 “নকওঁ নিশ্চয় মই কধিও সি কথা, ৰজা।
 “কেনি গ’ল স্বামী মোৰ, ক’ত আছে গই,
 “দুৰ্গতিৰ হাতে সপি সোৱামী প্ৰাণৰ
 “নাখাওঁ অমৃত, সুখ নিবিচাৰো মই॥”

[ ৭০ ]

ল’ৰাৰজা—“ভালৰে নিমিত্তে তোৰ কইছো আকউ মই,
 “কইদে লুকাই তোৰ স্বামী আছে ক’ত?
 “ন'হলে নিশ্চয় মই দিম জেৰেঙ্গাত,
 “অকালত যাব প্ৰাণ॥”
জয়মতী————————— “য'ক অকালত
 “প্ৰাণ মোৰ; পৰাণৰ দেখাইছা ভয়, ৰজা!
 “মইতো নহও ভীত, নালাগে পৰাণ।
 “জন্মিছো যেতিয়া মই মৰিম এবাৰ,
 “অনিত্য পৰাণ মোৰ নাই তাত কাম॥”
ল’ৰাৰজা—“চাঁওঘোকে শাস্তি কৰি কাঢ়িব দুচকু তোৰ,
 “কাঢ়িব আঠুৰ ঘিলা!”
জয়মতী————————— কিয়, ৰজা! ভয়
 “দেখুৱা মিছাতে তুমি! প্ৰিয়সা গদাৰ
 “তেনুৱা শাস্তিৰ ভয় নকৰে নিশ্চয়॥
 “চকু কাঢ়া, ঘিলা কাঢ়া দিয়া মোক জেৰেঙ্গাত
 “যি যি শান্তি আছে মানে দিয়ে থাকা মোক।

[ ৭১ ]

 “তথাপি নকওঁ মই কথা সোৱামীৰ;
 “নলওঁ, নালাগে মোক স্বৰ্গ-সুখ-ভোগ॥
 “নউ দেখোতেই যেন স্বামীৰ দুৰ্গতি মই,
 “স্বোৱামীৰ ভাল দেখি য’ক মোৰ প্ৰাণ;
 “মইতো ৰজাৰ বাণী, স্বামীৰ তিৰুতা,
 “নকওঁ স্বামীৰ কথা থাকোতে পৰাণ॥”
লৰাৰজা—“নকৱ, নালাগে বাৰু, পাৰিবি ৰাখিব জানো
 “গদাৰ পৰাণ তই?”
জয়মতী⸻⸻⸻“নালাগে তোমাক
 “সেই কথা, মহাৰাজ! ৰাখোতা ঈশ্বৰ;
 “ৰাখিবৰ হ’লে তেওঁ ৰাখিব গদাক॥
 “পাৰোঁবা নোৱাৰোঁ মই ৰাখিব স্বামীৰ প্ৰাণ,
 “ৰাখিব পাৰিম বুলি কোৱা নাই মই;
 “কিন্তু মোৰ, (হায়! এই অভাগীৰ) পৰা
 “তেওঁৰ অলপো যেন দুৰ্গতি নহয়,

 এই বুলি কুঁৱৰীয়ে টুকিলে চকুলো
[ ৭২ ]

হৃদয়ৰ বেগ শোকে সহিব নোৱাৰি;
টপ টপ কৰে, হায়! পৰিলে মাটিত
তিয়াই তপত বুকু চকুলো দুধাৰি॥
মনেমনে ল’ৰাৰজা বুলিলে মিহিক
“এইটো নকয় আজি গদা কেনি গ’ল,
“লইযাছো পুনু তই বনৰ মাজত
“শোধগই, গদা ক’ত? কৰি নানা ছল॥
“ছলেৰে নোৱাৰ যদি উলিয়াব তই
“এইৰ মুখৰ পৰা কথা সোৱামীৰ,
“তেতিয়া কৰিবি বল দিবি নানা শাস্তি
“জানো কয় সঁচাকথা হই বা অস্থিৰ॥”
এই বুলি ল’ৰাৰজা মিহিৰ হাতত
অভাগিনী কুঁৱৰীক সমৰপি দিলে,
লগৰীয়া স’তে মিহি ল’ই কুঁৱৰীক
আকউ বনৰ ফালে খঙ্গে টানি নিলে॥