পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


“এৰিদে নকৰো মই কাৰো, ক’তো অপকাৰ
“আহোম ৰাজ্যত আহি আৰু নোসোমাওঁ;
“ৰাজ্য-সুখ ৰাজ-ভোগ আৰু নিবিচাৰোঁ,
“কিয় মিছা ধৰ মোক? এৰদে গুছি যাওঁ


এই বুলি কুঁৱৰীয়ে কৰুণ সুৰেৰে কত

কাকূতি মিনতি কৰি বুলিলে মিহিক,
কিন্তু, হায়! তাৰ সেই কঠুৱা হৃদয়
নহ’ল কোমল! এৰি নিদিলে ৰাণীক
পৰ্ব্বতৰ শিলগুটি কতনো বছৰ থাকে
পৰি পৰি পৰ্ব্বতৰ নইৰ পানীত
তথাপি অলপো হায়। নহয় কোমল,
পমিব কি কান্দোনত কঠুৱাৰ চিত?
দেখিলে কি চকুপানী লোকৰ চকু দুটিৰ
কঠুৱাৰ দুচকুৰে চকুলো টুকিব