পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ইননি-বিননি শুনি কঠুৱা মিহিয়ে।
আজিনে কি কুঁৱৰীক ধৰি এৰি দিব?

খঙ্গেৰে গৰ্জ্জন কৰি কঠুৱা মাতেৰে

কঠুৱা মিহিয়ে চাই বুলিলে ৰাণীক;
“এৰি দিব পাৰোঁ তোক, যদি তই দিয়
“ধৰি আনি গদাপাণি তোৰ সোৱামীক॥
“নহলে, দে দেখুৱাই গ’ল কেনি তোৰ
“গদাপাণি কুলাঙ্গাৰ ৰাজ্যৰ কাঁইট;
“নতুবা, জানিবি তোৰ আদৰৰ দেহা
“ওলমিব কাইলই পুৱা বৰশীত॥
“যদি দিয় দেখুবাই স্বামী আপোনাৰ॥
“আদৰৰ প্ৰাণ লই থাকিবি জীয়াই,
“নহ’লে জানিথ, তোব, নাথাকে পৰাণ;
“মিহিৰ হাতত তোৰ আৰু ৰক্ষা নাই॥
‘‘জীৱন মৰণ আজি নিজৰে হাতত,
“ৰাখিব খুজিলে ৰাখ প্ৰাণ আপোনাৰ;