সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“কি কৰিলে গদাপাণি? অপৰাধ কি তেওঁৰ?
“কোৱাঁ, মহাৰাজ! কিয় হিংসা কৰা তুমি
“তেওঁক ইদৰে তেওঁ নিহিংসে তোমাক,
গদাপাণি সৰলতা-ভূমি॥

“তুমি ৰজা হ’লা বুলি গদাৰ মনত কিন্তু

“নাই একো দুখ, তুমি মাৰিবৰ মনে
“বিচাৰা তেওঁক, হায়! সিকাৰণে গদাপাণি
“পলাই লুকাই আছে বনত গোপনে॥
“থাকোক থাকিব দিয়া লুকাই গদাপাণিক
“ফুৰক পৰ্ব্বতে বনে পলাই-পলাই,
“ৰাজ্য সুখ কৰাভোগ নিশ্চিন্ত মনত তুমি,
“কিয় ভয়? কি অনিষ্ট কৰিছে গদাই?
“কি কৰিব পাৰে গদা? কি ভয় তোমাৰ আছে?
“নিৰ্দ্দোষী গদাৰ প্ৰাণ কিয় মাৰা তুমি?
“নিশ্চয় নহয় গদা কোনোদোষে দোষী, ৰজা!
“তেওঁক কিয়নো শাস্তি দিবা ধৰি আনি?