পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 “মিনতি কৰিছো, তুমি এৰাঁ এই দ্বেষ ভাব,
 “মহাৰাজ! দুৰ্ভগীয়া গদাৰ লগত,
 “নিহিংসে তােমাক গদা, হিংসিছা সদাই তুমি
 “গদাক, ঘৰত কিম্বা ঘােৰ অৰণ্যত”॥

 “কিয় বাধা, মন্ত্ৰী সব”! বােলে ল’ৰা ৰজা,

 “তােমাসৱে আৰু মােক নকৰিবা বাধা,
 “ৰাজ্য সুখ ৰাজ-ভােগ একোৱে নহয়
 “জীয়াই থাকোতে মােৰ চিৰশত্ৰু, গদা॥
 “গদামােৰ মহা শত্ৰু, জীয়াই থকাত,
 “ৰাজ-ভােগ সুখ শান্তি নােৱাৰি ভুঞ্জিব,
 “যেনে তেনে উপায়েৰে লাগিব নিশ্চয়,
 “মন্ত্ৰী সৱ! চিৰশত্ৰু গদাক মাৰিৰ”
মন্ত্ৰীসৱ—“কুলক্ষণে ললে লগ! • নধৰিবা দোষ,
 “মহাৰাজ? ধৰ্ম্মকথা নােৱাৰি নকই,
 “নসহে ঈশ্বৰে এনে কূট অত্যাচাৰ
 “অদোষত, ৰজা! তুমি জানিবা নিশ্চয়”॥