সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

“গদাপাণি জয়মতী বনৰ মাজত দুয়ে
“লুকুৱাই আছে দেহা (প্ৰাণ অপােনাৰ)
“আৰু দুটা পালে লগ, যাও পুনু এতিয়াই
“আনােগই ধৰি মই গদাক তোমাৰ॥”
বুলিলে, আনন্দে ৰজা “দিওঁ, মিহি! ধন্যবাদ!
“পুনু ধন্য দিওঁ তােক। দিলো লগ তােৰ
“যত লাগে, শীঘ্ৰে তই যা সেই বনত আজি,
“ধৰি আন চিৰশত্ৰু গদাপাণি মােৰ॥
“দিন তােক মণি মুক্তা সুন্দৰ পােৱাল বহু,
“বহুমূল্য ভাব যাক সকলোৱে কৰে,
“পাতিলম হাজৰিকা গাঁৱৰ মাজত তোক,
“আচৰিম মিত্ৰভাব দুয়াে পৰস্পৰে॥”

এই বুলি ল’ৰাৰজা ৰ’ল কিবা ভাবি চিন্তি,

আচৰিত হ’ল সবে বৰুৱা ফুকন,
ৰজাৰ বচন শুনি কৰুণ সুৰেৰে
বুলিব ধৰিলে সৰ্বজন:---