সমললৈ যাওক

পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এই বুলি সকলোটি ৰ’ল পুনু মনেমনে,
উঠিল ৰজাৰ খঙ্গ অগ্নি-মূৰ্ত্তিমান,
সভাভাঙ্গি গ’ল সবে নিজা নিজা ঘৰে
অথিৰ ব্যাকুল মন প্ৰাণ॥
লাহে লাহে সূৰ্যদেৱ ললে ভাটী ফালে ধাল,
হ’ল আহি ধীৰে ধীৰে আবেলি সময়,
ওলালে এনেতে মিহি বিচাৰি গদাক
অৰণ্যৰ ফালে অজ্ঞা লই॥
পোন্ধাৰ কি ষোলজন গ’ল তাৰ লগ লাগি,
মদৰ জ্বালত সৱে উনমত্ত প্ৰায়!
নগনে কাইট বন, নগনে অৰণ্য
হাবি বন চিঙ্গি ভাঙ্গি যায়॥