পৃষ্ঠা:তিৰুতাৰ আত্মদান কাব্য.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সহিব নোৱাৰি ৰ’দ লেৰেলিলে ফুলনীৰ
ফুলি-থকা বহু ফুল, কুঁহি গছ গছনীৰ॥
 * * * * *
 * * * * *
এনে সময়তে অজি চ’ৰাৰ মাজত বহি
চিন্তা জ্বৰে ল’ৰাৰজা বিয়াকুল হই
কৰিছে মন্ত্ৰণা নানা (শৰযন্ত্ৰ শক্ৰ-মৰা)
বৰুৱা ফুকন আদি সভাসদ লই॥
বুলিলে দুখেৰে ৰজা, “শুনা, হেৰা মন্ত্ৰীসৱ!
“তিনিমাহ গ’ল, ক’তো গদাপাণি নাই!
“কেনি গ’ল? আছে ক’ত? জানো বনৰ মাজত
“একো ঠিক নাই, মই কি কৰোঁ উপায়?
এই যেই বোলে ৰজা, ঠিক এনে সময়তে
এটা চাউডাঙ্গে আহি কৰিলে প্ৰণাম;
বুলিলে হৰিষ মনে, “আৰু একো চিন্তা নাই,
“সৰ্গদেৱ! অতি শীঘ্ৰে গদাপাণি পাম॥