তই যুক্তি যুদ্ধ কৰ

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]

[  ]








তই যুক্তি-যুদ্ধ কৰ


উমেশ বৈশ্য

জীৱন জ্যোতি সঙ্গীতাশ্ৰম

বিৰুবাৰী, গুৱাহাটী-১৬

[  ] TAI YUKTI-YUDDHA KAR : A collection of patriotic poems by UMESH BAISHYA and published by Ramesh Baishya, Jeevan Jyoti Sangitashram, Birubari, Gauhati-16


Price Rupees : 1.50





⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

॥ প্ৰকাশক : শ্ৰীৰমেশ বৈশ্য □ জীৱন জ্যোতি সঙ্গীতাশ্ৰম □ বিৰুবাৰী, গুৱাহাটী-১৬॥

॥ প্ৰথম প্ৰকাশ : ১৫ ফেব্ৰুৱাৰী, ১৯৮০ চন □ ২ ফাগুন, ১৯০১ শক॥

॥ দ্বিতীয় প্ৰকাশ : ১৩ এপ্ৰিল, ১৯৮০ চন □ ৩০ চ’ত, ১৯০১ শক।

॥ বেটুপাতৰ শিল্পী : নৱ/ৰাজেন (গুৱাহাটী আটিষ্ট গীল্ড)॥

॥ লিখকৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত॥

॥ ছপা : সীমান্তিকা প্ৰিন্টাৰ্ছ, গুৱাহাটী-৩॥

॥ মূল্য : ১.৫০ টকা॥

⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺⸺

[  ]

উচৰ্গা :


 বিদেশীৰ ষড়যন্ত্ৰমূলক হেঁচাত অসমৰ অস্তিত্ব আজি শেষ হওঁ হওঁ। মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ দেশবাসী উঠি পৰি লাগিছে। দেশ ৰক্ষাৰ সুদীৰ্ঘ আন্দোলন আজি অসমৰ চুকে কোণে বনজুই হৈ বিয়পিছে। এই জুই কেতিয়া নুমাই এতিয়াও ক’ব পৰা হোৱা নাই। আন্দোলনৰ এইয়া মধ্যাহ্ন পৰহে। জীৱন-মৰণৰ অবিৰাম যুদ্ধত প্ৰবৃত্ত হৈ এই মুহূৰ্ত্তলৈ ৰণুৱাসকলে প্ৰাণ পৰ্য্যন্ত বলিদান দি যি বীৰত্বপূৰ্ণ সফল প্ৰত্যাহ্বান দেখুৱালে সি অসম তথা ভাৰতৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায় হৈ জিলিকি ৰ’ব। শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে যুঁজ দিবলৈ অসমী আইৰ সন্তান সকলে যি দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰিছে তাৰ তুলনা নাই। মৃত্যুক পণ কৰি ৰণাঙ্গনত ঠিয় হোৱা যুঁজাৰু সকলৰ সিৰাই সিৰাই যুদ্ধজয়ৰ প্ৰেৰণা জগাই তোলাটো আজি প্ৰতিজন অসমীয়াৰ কৰ্ত্তব্য হৈ পৰিছে। এনে এটি মহান কৰ্ত্তব্যৰ কথা চিন্তা কৰোঁতেই মোৰ এই অকণমানি দেশপ্ৰেমমূলক কবিতাৰ পুথিখনি ৰূপ লৈ উঠিল।

 পুথিখনি মই অসমী আইৰ বীৰ সন্তান সকলৰ হাতত কিঞ্চিৎ প্ৰেৰণা দিয়াৰ আশাৰে ভাৱস্তিৰে তুলি দিলোঁ। ইতি

উমেশ বৈশ্য

সঙ্গীতাশ্ৰম,
বিৰুবাৰী, গুৱাহাটী-১৬
২৫ ফেব্ৰুৱাৰী, ১৯৮০ চন

[  ]

তীক্ষ্ণধী পণ্ডিত সাহিত্যিক

শ্ৰীযুত তীৰ্থ নাথ শৰ্মাদেৱৰ এষাৰ

 ‘তই যুক্তি-যুদ্ধ কৰ’ নামৰ কবিতা-সংগ্ৰহত থকা কবিতা কেইটি বৰ্তমান সমস্যা আৰু হেন্দোলদোপৰ উত্তাপত উথলি উঠা কবি-মনৰ উতল। কবিতা কেইটি লেখত কম হলেও জোখত পাতল নহয়। এটা স্বাভাৱিকতে উগাৰি উঠা প্ৰেৰণা কবিয়ে অনুভৱ কৰিছে, ইয়াত থকা কবিতা কেইটি তাৰেই একোটি ফিৰিঙটি। সাময়িক অন্দোলনৰ উথল-পাথলত গা-উঠি উজান দিয়াৰ কৃত্ৰিমতা ইয়াত নাই। বৰ্ত্তমান সঙ্কটময় জাতীয় যুদ্ধৰ সন্ধিক্ষণত ৰণ-শিঙা বজোৱা এনে কবিতাৰ প্ৰয়োজন হৈছে।

 সমাজৰ সকলো স্তৰৰ লোকেই এনেহেন “এইবাৰ নিবাৰ” যুদ্ধত কেৰ্ক্কেটুৱাৰ বাঁহপাতেই ভেটি স্বৰূপ অৰিহণাৰ যোগান ধৰিব লাগে। তাতে সমাজৰ পৃষ্ঠপোষক কবি, শিল্পী, সাহিত্যৰপূজাৰীসকলৰ দায়িত্ব ততোধিক। কবি বৈশ্যই এই পুথিত থকা ‘ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ’ নামৰ কবিতাত সেই কথা ক্ষুৰতীক্ষ্ণ ভাষাতে ব্যক্ত কৰিছে, আপুনি আচৰি আনকো প্ৰেৰণা দিছে। কবিৰ অভিযান সফল হওক। ইতি


শ্ৰীতীৰ্থ নাথ শৰ্মা

ভৰলুমুখ।
গুৱাহাটী
২৯।১।৮০

[  ]

॥ তই যুক্তি-যুদ্ধ কৰ॥

হেৰ হেৰ হেৰ অসমীয়া,
তোৰ দেশ ৰক্ষাৰ নামত
আজি চলিছে যিখন ৰণ,
তাত নাই আবেগৰ স্থান;
ৰণত নিপুণ শত্ৰু সেনানী,
যুক্তিৰ হানিছে বাণ
তোক কৰিছে প্ৰত্যাহ্বান
তই কৰিছ কি? (??)
শত্ৰু-হানত চিৎকাৰ কৰি
আবেগে উতলি চট্‌-ফট্‌ কৰি
শত্ৰুক কেৱল গৰিহণা দি
লক্ষ্যহীন তই মাৰিছ কাঁৰ
যুদ্ধৰ নামত মিছাতেই তই
কৰি আছ হাহাকাৰ।
তই আবেগ-বিহবল যুদ্ধ এৰি
যুক্তি-যুদ্ধ কৰ,
মুহূৰ্ত্ত মাথো জয়ৰ ক্ষণ
ক্ষন্তেক ধৈৰ্য্যধৰ।
যুক্তি, বুদ্ধি, বিচক্ষণতা,
চল-বল-কৌশল
সবাকো সানি পাশুপাত তই
নিজেই নিৰ্ম্মাণ কৰ
সেই পাশুপত শাণিতাস্ত্ৰ
শত্ৰু –বক্ষ লক্ষ্য কৰি
প্ৰত্যুৎপন্নমতিতাৰে তই
কৰ নিক্ষেপ কৰ,
দেখিবি তেতিয়া সমুখত তোৰ
ৰক্তাক্ত শত্ৰু-দেহ
কৰি আছে ধৰ–ফৰ
নাই বাৰু বেচি পৰ।
ৰণজয় তোৰ অৱশ্যম্ভাৱী
নাই আৰু বেচি পৰ।

[  ]

॥ ভাঙিবই লাগিব নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল॥

ডাঢ়ি ৰাখিলে ৰাখিব পাৰি
ৰবীন্দ্ৰ হোৱাহে টান,
জ্ঞানী মূৰ্খৰ মতৰ বলত
নৃপতি হবও পাৰি
যদি তাতেই থাকে ধ্যান,
পিছে বিক্ৰমাদিত্য, আকবৰ, অশোক
এই সব হোৱাহে টান।
বিলাসমত্ত ক্ষমতাদৰ্পী জীৱন এৰি
সৰল সাধু অশোক, আকবৰ,
বুদ্ধ, গান্ধী, যীশু হবলৈ
কৰিব লাগিব চূড়ান্ত সাধনা পাৰ।
নহলে সাধনা, সৰল সাধু শান্ত হোৱাটো
পশুৰ পৰা মানুহ হোৱাটো
মানুহৰ পৰা দেৱতা হোৱাটো
টান টান মহাটান।
প্ৰজাৰঞ্জক সাধু নৃপতিৰ সাধনা ভৰা
শান্ত সৰল নৃপতি আজি শূন্য বৰ্ত্তমান,
কেৱল আত্মহিতায়, আত্মসুখায় কৰ্মৰত
অসাধু ৰজাৰ কুকীৰিতিহে দেশত জ্যোতিষ্মান।
তাৰ প্ৰমাণ?
শান্তিৰ নামত য’তে ত’তে আজি
দেশ ৰক্ষক ৰাজ-বিষয়াৰ
পৈশাচিক নাৰীধৰ্ষণ, নিৰ্য্যাতন,
লুণ্ঠন তাৰ জ্বলন্ত প্ৰমাণ।
‘মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লোষ্ট্ৰবৎ
আত্মবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এই বাণী জ্ঞানীকণ্ঠৰ প্ৰাচীন ভাৰতৰ,
‘পত্নীবৎ পৰদাৰেষু পৰদ্ৰব্যেষু আত্মসাৎ
শত্ৰুবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এইয়া কাপুৰুষৰ কলুষ বাণী নতুন ভাৰতৰ।

[  ]

উনৈশ শ আশীচনৰ ভোগালী বিহুৰ ভোগৰ পৰৰ
বৰহমপুত্ৰৰ উত্তৰপাৰৰ কামৰূপ তাৰ সাক্ষী হ’ল,
এই সাক্ষী জীৱন্ত হৈ ৰ’ল।
একচেতীয়া ক্ষমতাৰ শতাব্দী ৰচাৰ স্বপ্নতেই
সৰ্ব্ববৃহৎ গণতন্ত্ৰৰ এই দেশত
সৰ্ব্ববৃহৎ পাশৱিকতা ধুমুহা যেন হ’ল।
সেই ধুমুহাৰ কোবাল সোঁতত
আই অসমীৰ জীয়ৰী-বোৱাৰী
গাভৰু, মাতৃ নিঃশেষ হৈ গ’ল
মদমত্ত কামোন্মত্ত পিশাচদলৰ তাণ্ডৱ নাচত
অসম মাতৃৰ বুকুত আজি
আকাশলঙ্ঘী কলঙ্কৰ হ’ল সৃষ্টি হ’ল।
হেৰ অসমীয়া শৰাইঘটীয়া,
তোৰ চকুৰ আগতে মাতৃ ভগ্নীৰ
জীৱন বিফলে গ'ল
তই গুণিছ কি?
এতিয়াও তই গুণিছ কি??
জাগি উঠ হেৰ লুইতপৰীয়া
ৰূপ লৈ যমকাল
পাশৱিকতাৰ উন্মত্ততা, বীভৎসতা ধ্বংস কৰি
ভাঙি দে, তই ভাঙি দে
তই ভাঙিবই লাগিব অসমীয়া তোৰ
কাল শত্ৰু, নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল,
জাগি উঠ হেৰ অসমীয়া তই
ৰূপ লৈ মহাকাল।

[  ]

॥ ৰক্ত-সাগৰ সৃষ্টি কৰাৰ প্ৰতিজ্ঞা কৰ॥


যা আগুৱাই মুক্তিবাহিনী
লাচিতৰ বংশধৰ,
তই পিন্ধিবই লাগিব বিজয়মাল্য
মহান বিপ্লৱৰ।
তোৰ জীৱন ৰক্ষাৰ,
দেশ ৰক্ষাৰ ন্যায়ৰ যুঁজত
ৰণক্ষেত্ৰ ৰাঙলী হ’ল—হ’ব দে
তোৰ পুণ্য তেজৰ উত্তাল নদীত
নৰপশুই স্নান কৰিছে—কৰিব দে
নলবি হেৰ কেতিয়াও তই হিংসাৰ আশ্ৰয়,
সত্যাগ্ৰহী সাহসেৰে তই
শত্ৰুসেনাৰ গুলী-বৃষ্টি বুকু পাতি পাতি ধৰ;
মাতৃৰ নামত, দেশৰ নামত
তোৰ তেজেৰে প্ৰয়োজন হলে
ৰক্ত-সাগৰ সৃষ্টি কৰাৰ প্ৰতিজ্ঞা কৰ,
সেই প্ৰতিজ্ঞা শিৰত লৈ
হৈ থাক অগ্ৰসৰ,
পাহৰি নাযাবি কেতিয়াও
তই লাচিতৰ বংশধৰ। +

[ ১০ ]

॥ নিঃশেষ কৰ বন্য পশু-ৰাজ॥

8

মাতৃভূমিৰ মুক্তি যুঁজাৰু
মহাকাল ৰূপে জাগ হেৰ তই
ৰূদ্ৰৰূপেৰে জাগ,
অসুৰ নিধন যজ্ঞত তই
নাচ তাণ্ডৱ নাচ
তই নটৰাজ ৰূপে নাচ।

শত্ৰু-সেনাৰ অস্ত্ৰহানত
বৰ্ব্বৰোচিত আক্ৰমণত
লাঞ্ছিতা যত নিৰ্য্যাতিতা
ধৰ্ষিতা যুত জীয়ৰী-বোৱাৰী গাভৰু ৰমণী
ৰণ-চণ্ডী ৰূপ ধৰি ধৰি জাগ,
অসুৰ মদ্দিনী দুৰ্গা ৰূপেৰে জাগ;
দেশৰ যত মহিষাসুৰ
কৰ চিৰাচিৰ কৰ মষিমূৰ
নিঃশেষ কৰ বন্য পশু-ৰাজ,
আঁতৰাই যত ক’লা এন্ধাৰ
তোল গঢ়ি তোল মাতৃভূমিত
দেৱতাৰ সমাজ। +

[ ১১ ]

॥ ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ॥

সমাজৰ হেৰ পৃষ্ঠপোষক কবি-শিল্পী মান্যবৰ
পূজাৰী বৰ সাহিত্যৰ,
মৃত্যুপণ সমুখ ৰণত শত্ৰু-সেনাৰ গুলীৰ হানত
নিৰপৰাধী আই অসমীৰ জীয়াৰী-বোৱাৰী
হেজাৰ-বিজাৰ সত্যাগ্ৰহী শ্বহীদে শ্বহীদ হ’ল
দেশ যাওঁ যাওঁ হ’ল,
তহঁতে দেখোন এই ক্ষণতো
এলাহ নিহালী মূৰে গাই লৈ
ঘোৰ নিদ্ৰাত মগ্ন হৈ
ঘৰ্ ঘৰ্ ঘৰ্ নাসিকাৰন্ধ্ৰত তুলিছ শব্দ-ৰোল
ছিঃ ছিঃ ছিঃ দেখি লাজ লাগে, কৰ্ম্ম তহঁতৰ।
চকু মেল হেৰ প্ৰতিভাধৰ,
টোপনি ভাঙ্, ভাঙ্ টোপনি ভাঙ্
চা চকুমেলি দেশ তহঁতৰ হৈ গ’ল থান-বান
এতিয়াও হেৰ আছে সময় ধৰ অস্ত্ৰ ধৰ
শক্তিশালী অগ্নিকলম ধৰ
জ্ঞান সাধনাৰ গুণ গৰিমাৰ
ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ
দেৱাসুৰৰ কুৰুক্ষেত্ৰত যুদ্ধ জয়ৰ পথ দেখুৱাই
কৃষ্ণোপদেশ ৰণকৌশল
মাতৃভূমিৰ বীৰ যুঁজাৰুক
প্ৰদান কৰ প্ৰদান কৰ;
নহলে অজি দেশ নৰয়।
চৌদিশে মাথো শত্ৰু ভয়
নগৰে, চহৰে গাঁৱে ভূঞে আজি
শত্ৰুই পাতিছে ঘৰ
মাতৃভূমিৰ সেউজী বুকুত শত্ৰুৰ পয়োভৰ
দুদিন পিছতেই হ’ব লাগিব নিজৰ ঘৰতে পৰ। +

[ ১২ ]

॥ উৰিছে উল্কা অগ্নিময় ॥

হেৰ সুন্দৰসেৱী শিল্পীদল,
তোৰ দেশত দেখোন জুই লাগিছে
বলিছে বতাহ উৰিছে উল্কা অগ্নিময়,
তই দেখোন স্তব্ধ নীৰৱ
ধোদৰ দৰে চাই আছ মাথো আকাশ ধোঁৱাময়,
তোৰ হৈছে কি?
কি কথা গুণিছ তই??
আই অসমীৰ সম্পদ কালত
উদুলি-মুদুলি ৰঙৰ পৰত
ঠেলি হেঁচি হেঁচি লখিমী বুটলি
গগণ ফাল তই,
আই অসমীৰ বিপদ কালত
জীৱন-মৰণ সন্ধিক্ষণত
ক’ত গ’ল আজি শিল্পীতোৰ
গগণ-পৱন কঁপাই তোলা সুৰৰ সমলয়?
নহয় নেকি এই দেশ তোৰ
তোৰ কলিজাৰ তোৰ প্ৰাণৰ?

নহয় যদি এই দেশ তোৰ
শুই থাক তই শুই থাক
যেনেকৈ থাক থাক,
দেশ প্ৰেমৰ অগ্নি সুৰেৰে
নেলাগে নেলাগে নেলাগে জগাব
দেশৰ জনতাক,
তই যেনেকৈ থাক থাক।

দেশ প্ৰেমৰ অনল শিখাৰে
নিজেই জ্বলি নিজেই জাগি
খৰ্গ হুজুৰী শ্বহীদ হ’ল;

[ ১৩ ]

আৰু আছে দেশমাতৃৰ
জীয়াৰী-বোৱাৰী ৰঙাই ভদাই সেউতী নুমলী
গাঁৱে গাঁৱে গাঁৱে ঠাহ্ খাই থকা
কনক মূলা হেজাৰ হুজুৰী হেজাৰ খৰ্গেশ্বৰ
সিহঁতে নিজেই জাগি
তেজ দি হলেও ৰাখিব জীয়াই সোণৰ অসম
শত্ৰুক কৰিব ক্ষয়। +

[ ১৪ ]

॥ নেৰিবি ৰণুৱা সত্যৰ আশ্ৰয়॥

সত্য ধৰ্ম্মৰ সদায় জয়
ক্ষয় নাই তাৰ ক্ষয়
হেজাৰ যুগৰ বুৰঞ্জীয়ে
কয় ৰিঙিয়াই কয়
এই কথা হেৰ হেৰ অসমীয়া
মনত ৰাখিবি তই।

সূৰ্য্যক যদি মাতিব খুজিছ
এন্ধাৰ যদি খেদিব খুজিছ
নেৰিবি নেৰিবি নেৰিবি ৰণুৱা
সত্যৰ আশ্ৰয়;
অসত্যাশ্ৰয়ী সমগ্ৰ বিশ্ব
ত্যাগ কৰি তোক গুচি গলেও
প্ৰয়োজন হলে সত্যৰ নামত
অকলে যুঁজিবি তই
নাই তোৰ পৰাজয়

গুলীৰ আঘাতত চুৰিকাঘাতত
বৰ্ব্বৰতাৰ আক্ৰমণত
ঘটেও যদি পতন তোৰ তেজমঙহৰ শৰীৰটোৰ
নাই নাই নাই নঘটে পতন
নহয় মৰণ সেই শৰীৰত লুকাই থকা
অগ্নি শক্তিৰ তোৰ,
সেই শক্তিয়ে সেই অগ্নিয়ে
নিঃশেষ কৰি শত্ৰু ঘোৰ
ৰাখিব জীয়াই মাতৃক তোৰ
ৰাখিব জীয়াই কীৰ্ত্তিক তোৰ
তাত সন্দেহ নাই,
তই নকৰি একোকে ভয়
বীৰ বেশেৰে যা আগুৱাই
হ’ব তোৰ ৰণ জয়। +

[ ১৫ ]

॥ দেশমাতৃৰ ঘোৰ শত্ৰুক কৰি দে ছাৰখাৰ ॥

ভাঙি চিঙি পিহি চূৰমাৰ কৰি
ভেদাভেদ কাৰাগাৰ
আহ অসমীয়া হিলদল ভাঙি
হৈ যা একাকাৰ,
এক মজিয়াৰ ভাতৃ-কলহ্
কৰ তই পৰিহাৰ;
মুক্ত উদাৰ কণ্ঠ খুলি
শত্ৰু-বক্ষ কম্পিত কৰি
উচ্চৈস্বৰে কৰ হেৰ তই
ঐক্যৰ অঙ্গীকাৰ।

‘এইবাৰ তোৰ ৰণ নিবাৰ’
ৰাখ ৰাখ মনত এই কথাষাৰ,
যা আগুৱাই, প্ৰাণ দি হলেও
দেশ ৰাখ আপোনাৰ
ৰাজ্য লোলুপ, ৰক্ত লোলুপ
দেশমাতৃৰ ঘোৰ শত্ৰুক
কৰি দে ছাৰখাৰ,
নহলে নৰব এইবাৰ হেৰ
ভূমণ্ডলৰ মানচিত্ৰত
চিনচাব অসমীয়াৰ।

[ ১৬ ]

॥ আহ আহ আমি একেলগে কৰোঁ ৰণ ॥

বড়ো, মণিপুৰী, খাচীয়া, ত্ৰিপুৰী,
খামটি ভগিনীগণ
আহ আগবাঢ়ি লুচাই, নাগিনী
কৰোঁ আমি আলিঙ্গন,
একেলগে মৰোঁ একে লগে জীওঁ
একে লগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥

পাহাৰ ভৈয়ামবাসী আমি
আদিম জনজাতি
যুগ যুগ ধৰি সাৱটি আছোঁ
এই দেশৰে মাটি
আমাৰ উদাৰ হৃদয় প্ৰাণ,
আহ আহ আমি একে লগে মৰোঁ
একেলগে জীওঁ
একে লগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥
অতীতৰ যত ভুলৰ ডাৱৰ
হৈ য’ক অৱসান
প্ৰাচীন প্ৰেমৰ নতুন মিলন
হ’ক জ্যোতিষ্মান
ঐক্য ডোলৰে বান্ধ খাই কৰোঁ
পোহৰৰ অভিযান,
আহ আহ আমি একেলগে মৰোঁ
একেলগে জীওঁ
একেলগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥ +

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।