॥ ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ ॥
৫
সমাজৰ হেৰ পৃষ্ঠপোষক কবি-শিল্পী মান্যবৰ
পূজাৰী বৰ সাহিত্যৰ,
মৃত্যুপণ সমুখ ৰণত শত্ৰু-সেনাৰ গুলীৰ হানত
নিৰপৰাধী আই অসমীৰ জীয়াৰী-বোৱাৰী
হেজাৰ-বিজাৰ সত্যাগ্ৰহী শ্বহীদে শ্বহীদ হ’ল
দেশ যাওঁ যাওঁ হ’ল,
তহঁতে দেখোন এই ক্ষণতো
এলাহ নিহালী মূৰে গাই লৈ
ঘোৰ নিদ্ৰাত মগ্ন হৈ
ঘৰ্ ঘৰ্ ঘৰ্ নাসিকাৰন্ধ্ৰত তুলিছ শব্দ-ৰোল
ছিঃ ছিঃ ছিঃ দেখি লাজ লাগে, কৰ্ম্ম তহঁতৰ।
চকু মেল হেৰ প্ৰতিভাধৰ,
টোপনি ভাঙ্, ভাঙ্ টোপনি ভাঙ্
চা চকুমেলি দেশ তহঁতৰ হৈ গ’ল থান-বান
এতিয়াও হেৰ আছে সময় ধৰ অস্ত্ৰ ধৰ
শক্তিশালী অগ্নিকলম ধৰ
জ্ঞান সাধনাৰ গুণ গৰিমাৰ
ক্ষুৰতীক্ষ্ণ যুক্তি-বুদ্ধিৰ হেং দাং তুলি ধৰ
দেৱাসুৰৰ কুৰুক্ষেত্ৰত যুদ্ধ জয়ৰ পথ দেখুৱাই
কৃষ্ণোপদেশ ৰণকৌশল
মাতৃভূমিৰ বীৰ যুঁজাৰুক
প্ৰদান কৰ প্ৰদান কৰ;
নহলে অজি দেশ নৰয়।
চৌদিশে মাথো শত্ৰু ভয়
নগৰে, চহৰে গাঁৱে ভূঞে আজি
শত্ৰুই পাতিছে ঘৰ
মাতৃভূমিৰ সেউজী বুকুত শত্ৰুৰ পয়োভৰ
দুদিন পিছতেই হ’ব লাগিব নিজৰ ঘৰতে পৰ। +
11