পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৰু আছে দেশমাতৃৰ
জীয়াৰী-বোৱাৰী ৰঙাই ভদাই সেউতী নুমলী
গাঁৱে গাঁৱে গাঁৱে ঠাহ্ খাই থকা
কনক মূলা হেজাৰ হুজুৰী হেজাৰ খৰ্গেশ্বৰ
সিহঁতে নিজেই জাগি
তেজ দি হলেও ৰাখিব জীয়াই সোণৰ অসম
শত্ৰুক কৰিব ক্ষয়। +

13