পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ তই যুক্তি-যুদ্ধ কৰ ॥

হেৰ হেৰ হেৰ অসমীয়া,
তোৰ দেশ ৰক্ষাৰ নামত
আজি চলিছে যিখন ৰণ,
তাত নাই আবেগৰ স্থান;
ৰণত নিপুণ শত্ৰু সেনানী,
যুক্তিৰ হানিছে বাণ
তোক কৰিছে প্ৰত্যাহ্বান
তই কৰিছ কি? (??)
শত্ৰু-হানত চিৎকাৰ কৰি
আবেগে উতলি চট্‌-ফট্‌ কৰি
শত্ৰুক কেৱল গৰিহণা দি
লক্ষ্যহীন তই মাৰিছ কাঁৰ
যুদ্ধৰ নামত মিছাতেই তই
কৰি আছ হাহাকাৰ।
তই আবেগ-বিহবল যুদ্ধ এৰি
যুক্তি-যুদ্ধ কৰ,
মুহূৰ্ত্ত মাথো জয়ৰ ক্ষণ
ক্ষন্তেক ধৈৰ্য্যধৰ।
যুক্তি, বুদ্ধি, বিচক্ষণতা,
চল-বল-কৌশল
সবাকো সানি পাশুপাত তই
নিজেই নিৰ্ম্মাণ কৰ
সেই পাশুপত শাণিতাস্ত্ৰ
শত্ৰু-বক্ষ লক্ষ্য কৰি
প্ৰত্যুৎপন্নমতিতাৰে তই
কৰ নিক্ষেপ কৰ,
দেখিবি তেতিয়া সমুখত তোৰ
ৰক্তাক্ত শত্ৰু-দেহ
কৰি আছে ধৰ-ফৰ
নাই বাৰু বেচি পৰ।
ৰণজয় তোৰ অৱশ্যম্ভাৱী
নাই আৰু বেচি পৰ। +

6