পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ আহ আহ আমি একেলগে কৰোঁ ৰণ ॥

বড়ো, মণিপুৰী, খাচীয়া, ত্ৰিপুৰী,
খামটি ভগিনীগণ
আহ আগবাঢ়ি লুচাই, নাগিনী
কৰোঁ আমি আলিঙ্গন,
একেলগে মৰোঁ একে লগে জীওঁ
একে লগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥
পাহাৰ ভৈয়ামবাসী আমি
আদিম জনজাতি
যুগ যুগ ধৰি সাৱটি আছোঁ
এই দেশৰে মাটি
আমাৰ উদাৰ হৃদয় প্ৰাণ,
আহ আহ আমি একে লগে মৰোঁ
একেলগে জীওঁ
একে লগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥
অতীতৰ যত ভুলৰ ডাৱৰ
হৈ য’ক অৱসান
প্ৰাচীন প্ৰেমৰ নতুন মিলন
হ’ক জ্যোতিষ্মান
ঐক্য ডোলৰে বান্ধ খাই কৰোঁ
পোহৰৰ অভিযান,
আহ আহ আমি একেলগে মৰোঁ
একেলগে জীওঁ
একেলগে কৰোঁ ৰণ
চৌদিশে আজি দেশত আমাৰ
এন্ধাৰৰ আবৰণ॥ +

16