পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ উৰিছে উল্কা অগ্নিময় ॥

হেৰ সুন্দৰসেৱী শিল্পীদল,
তোৰ দেশত দেখোন জুই লাগিছে
বলিছে বতাহ উৰিছে উল্কা অগ্নিময়,
তই দেখোন স্তব্ধ নীৰৱ
ধোদৰ দৰে চাই আছ মাথো আকাশ ধোঁৱাময়,
তোৰ হৈছে কি?
কি কথা গুণিছ তই??
আই অসমীৰ সম্পদ কালত
উদুলি-মুদুলি ৰঙৰ পৰত
ঠেলি হেঁচি হেঁচি লখিমী বুটলি
গগণ ফাল তই,
আই অসমীৰ বিপদ কালত
জীৱন-মৰণ সন্ধিক্ষণত
ক’ত গ’ল আজি শিল্পীতোৰ
গগণ-পৱন কঁপাই তোলা সুৰৰ সমলয়?
নহয় নেকি এই দেশ তোৰ
তোৰ কলিজাৰ তোৰ প্ৰাণৰ?
নহয় যদি এই দেশ তোৰ
শুই থাক তই শুই থাক
যেনেকৈ থাক থাক,
দেশ প্ৰেমৰ অগ্নি সুৰেৰে
নেলাগে নেলাগে নেলাগে জগাব
দেশৰ জনতাক,
তই যেনেকৈ থাক থাক।
দেশ প্ৰেমৰ অনল শিখাৰে
নিজেই জ্বলি নিজেই জাগি
খৰ্গ হুজুৰী শ্বহীদ হ’ল;

12