পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

উচৰ্গা ⵓ

 

 বিদেশীৰ ষড়যন্ত্ৰমূলক হেঁচাত অসমৰ অস্তিত্ব আজি শেষ হওঁ হওঁ। মাতৃভূমিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ দেশবাসী উঠি পৰি লাগিছে। দেশ ৰক্ষাৰ সুদীৰ্ঘ আন্দোলন আজি অসমৰ চুকে কোণে বনজুই হৈ বিয়পিছে। এই জুই কেতিয়া নুমাই এতিয়াও ক’ব পৰা হোৱা নাই। আন্দোলনৰ এইয়া মধ্যাহ্ন পৰহে। জীৱন-মৰণৰ অবিৰাম যুদ্ধত প্ৰবৃত্ত হৈ এই মুহূৰ্ত্তলৈ ৰণুৱাসকলে প্ৰাণ পৰ্য্যন্ত বলিদান দি যি বীৰত্বপূৰ্ণ সফল প্ৰত্যাহ্বান দেখুৱালে সি অসম তথা ভাৰতৰ বুৰঞ্জীত এক অবিস্মৰণীয় অধ্যায় হৈ জিলিকি ৰ’ব। শৰীৰৰ শেষ বিন্দু তেজ থকালৈকে যুঁজ দিবলৈ অসমী আইৰ সন্তান সকলে যি দৃঢ় প্ৰতিজ্ঞা গ্ৰহণ কৰিছে তাৰ তুলনা নাই। মৃত্যুক পণ কৰি ৰণাঙ্গনত ঠিয় হোৱা যুঁজাৰু সকলৰ সিৰাই সিৰাই যুদ্ধজয়ৰ প্ৰেৰণা জগাই তোলাটো আজি প্ৰতিজন অসমীয়াৰ কৰ্ত্তব্য হৈ পৰিছে। এনে এটি মহান কৰ্ত্তব্যৰ কথা চিন্তা কৰোঁতেই মোৰ এই অকণমানি দেশপ্ৰেমমূলক কবিতাৰ পুথিখনি ৰূপ লৈ উঠিল।

 পুথিখনি মই অসমী আইৰ বীৰ সন্তান সকলৰ হাতত কিঞ্চিৎ প্ৰেৰণা দিয়াৰ আশাৰে ভাৱস্তিৰে তুলি দিলোঁ। ইতি

সঙ্গীতাশ্ৰম,
বিৰুবাৰী, গুৱাহাটী-১৬
২৫ ফেব্ৰুৱাৰী, ১৯৮০ চন

উমেশ বৈশ্য




4