পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ নেৰিবি ৰণুৱা সত্যৰ আশ্ৰয় ॥

সত্য ধৰ্ম্মৰ সদায় জয়
ক্ষয় নাই তাৰ ক্ষয়
হেজাৰ যুগৰ বুৰঞ্জীয়ে
কয় ৰিঙিয়াই কয়
এই কথা হেৰ হেৰ অসমীয়া
মনত ৰাখিবি তই।
সূৰ্য্যক যদি মাতিব খুজিছ
এন্ধাৰ যদি খেদিব খুজিছ
নেৰিবি নেৰিবি নেৰিবি ৰণুৱা
সত্যৰ আশ্ৰয়;
অসত্যাশ্ৰয়ী সমগ্ৰ বিশ্ব
ত্যাগ কৰি তোক গুচি গলেও
প্ৰয়োজন হলে সত্যৰ নামত
অকলে যুঁজিবি তই
নাই তোৰ পৰাজয়
গুলীৰ আঘাতত চুৰিকাঘাতত
বৰ্ব্বৰতাৰ আক্ৰমণত
ঘটেও যদি পতন তোৰ তেজমঙহৰ শৰীৰটোৰ
নাই নাই নাই নঘটে পতন
নহয় মৰণ সেই শৰীৰত লুকাই থকা
অগ্নি শক্তিৰ তোৰ,
সেই শক্তিয়ে সেই অগ্নিয়ে
নিঃশেষ কৰি শত্ৰু ঘোৰ
ৰাখিব জীয়াই মাতৃক তোৰ
ৰাখিব জীয়াই কীৰ্ত্তিক তোৰ
তাত সন্দেহ নাই,
তই নকৰি একোকে ভয়
বীৰ বেশেৰে যা আগুৱাই
হ’ব তোৰ ৰণ জয়। +

14