পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ ৰক্ত-সাগৰ সৃষ্টি কৰাৰ প্ৰতিজ্ঞা কৰ ॥

যা আগুৱাই মুক্তিবাহিনী
লাচিতৰ বংশধৰ,
তই পিন্ধিবই লাগিব বিজয়মাল্য
মহান বিপ্লৱৰ।
তোৰ জীৱন ৰক্ষাৰ,
দেশ ৰক্ষাৰ ন্যায়ৰ যুঁজত
ৰণক্ষেত্ৰ ৰাঙলী হ’ল—হ’ব দে
তোৰ পুণ্য তেজৰ উত্তাল নদীত
নৰপশুই স্নান কৰিছে—কৰিব দে
নলবি হেৰ কেতিয়াও তই হিংসাৰ আশ্ৰয়,
সত্যাগ্ৰহী সাহসেৰে তই
শত্ৰুসেনাৰ গুলী-বৃষ্টি বুকু পাতি পাতি ধৰ;
মাতৃৰ নামত, দেশৰ নামত
তোৰ তেজেৰে প্ৰয়োজন হলে
ৰক্ত-সাগৰ সৃষ্টি কৰাৰ প্ৰতিজ্ঞা কৰ,
সেই প্ৰতিজ্ঞা শিৰত লৈ
হৈ থাক অগ্ৰসৰ,
পাহৰি নাযাবি কেতিয়াও
তই লাচিতৰ বংশধৰ। +

9