পৃষ্ঠা:তই যুক্তি যুদ্ধ কৰ.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

॥ ভাঙিবই লাগিব নৰপিশাচৰ ঘোৰ তাণ্ডৱ তাল ॥

ডাঢ়ি ৰাখিলে ৰাখিব পাৰি
ৰবীন্দ্ৰ হোৱাহে টান,
জ্ঞানী মূৰ্খৰ মতৰ বলত
নৃপতি হবও পাৰি
যদি তাতেই থাকে ধ্যান,
পিছে বিক্ৰমাদিত্য, আকবৰ, অশোক
এই সব হোৱাহে টান।
বিলাসমত্ত ক্ষমতাদৰ্পী জীৱন এৰি
সৰল সাধু অশোক, আকবৰ,
বুদ্ধ, গান্ধী, যীশু হবলৈ
কৰিব লাগিব চূড়ান্ত সাধনা পাৰ।
নহলে সাধনা, সৰল সাধু শান্ত হোৱাটো
পশুৰ পৰা মানুহ হোৱাটো
মানুহৰ পৰা দেৱতা হোৱাটো
টান টান মহাটান।
প্ৰজাৰঞ্জক সাধু নৃপতিৰ সাধনা ভৰা
শান্ত সৰল নৃপতি আজি শূন্য বৰ্ত্তমান,
কেৱল আত্মহিতায়, আত্মসুখায় কৰ্মৰত
অসাধু ৰজাৰ কুকীৰিতিহে দেশত জ্যোতিষ্মান।
তাৰ প্ৰমাণ?
শান্তিৰ নামত য’তে ত’তে আজি
দেশ ৰক্ষক ৰাজ-বিষয়াৰ
পৈশাচিক নাৰীধৰ্ষণ, নিৰ্য্যাতন,
লুণ্ঠন তাৰ জ্বলন্ত প্ৰমাণ।
‘মাতৃবৎ পৰদাৰেষু পৰদ্ৰব্যেষু লোষ্ট্ৰবৎ
আত্মবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এই বাণী জ্ঞানীকণ্ঠৰ প্ৰাচীন ভাৰতৰ,
‘পত্নীবৎ পৰদাৰেষু পৰদ্ৰব্যেষু আত্মসাৎ
শত্ৰুবৎ সৰ্ব্বভূতেষু যঃ পশ্যতি সঃ পণ্ডিতঃ’
এইয়া কাপুৰুষৰ কলুষ বাণী নতুন ভাৰতৰ।

7