পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
তাৰা

তাৰাৰ আশা এৰিব নোৱাৰিলে। গোপালে ভাবিলে, আজি তাৰা মোৰ নহল, আৰু এদিন হব। এই জনমত তাৰা মোৰ নহল, এই জনমত মোৰ বাসনাৰ তৃপ্তি নহল, আৰু এজনমত, যিমান দূৰৈয়েই নহওক, আৰু এজনমত নিশ্চয় তাৰা মোৰ হব, মোৰ এই বাসানাৰ অতৃপ্তি মিটিব। তেওঁ দুদিনীয়া জীৱনৰ সীমা পাৰ হৈ অনন্তৰ ফালে চাই ভাবিলে, জন্ম-জন্মান্তৰ কিমান দিনৰপৰা এই দুটি আত্মাই মিলন ইচ্ছাৰে অনন্ত-বাহিনী দুখনি নৈৰ নিচিনা বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব লাগিছে! যিদিনা এই দুই আত্মাৰ মিলন হব, যিদিনা দুয়োখন নৈ মিলি শান্তিৰ শীতল বতাহৰ কঁপনিত কুল কুল কৈ সুখৰ মৃদু মধুৰ গীত ধৰিব, সেই দিন কেনে মধুৰ! সেই দিন কেনে সুন্দৰ! গোপালৰ চকুৰ আগত অতীতৰ আৱৰণী খহি পৰিল, অনন্তৰ ভিতৰত ভবিষ্যতৰ সেই সুন্দৰ আৰু মধুৰ দিনৰ ছাঁয়া দেখি তেওঁ তবধ লাগি চাই ৰল।

 চণ্ডীদাসে বিৰহিণী ৰাধিকাৰ মুখেৰে কৈছিল:—

“পীৰিতি বলিয়া এ তিন আখৰ
 ধৰায় আনিল কে?
মধুৰ বলিয়া ছানিয়া খাইনু
 তিতায় তিতিল দে!”

 আমাৰ গোপালেও চাগৈ সেইদৰেই ভাবিছিল, কিন্তু আমি এই কথা সঠিক নাজানোঁ—পৃথিৱীৰ কোনো আখ্যানে নিলিখে, সেই সময়ত গোপালৰ মনত সুখ আছিল নে দুখ আছিল।