পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১২
গল্পাঞ্জলি

মুঠতে ইয়াকে কব পাৰোঁ, যে যেতিয়াই গোপালে তাৰাৰ কথা মনত কৰিছিল, আৰু যেতিয়াই গোপালে তাৰাৰ মাধুৰী-সনা মুখখনিৰ কথা ভাবিছিল, তেতিয়াই তেওঁৰ মনত এটি যন্ত্ৰণাময় সুখ ভাবৰ উদয় হৈছিল;—সেই স্মৃতি, সেই বিমোহন স্মৃতি আৰু এই বিফল আশা দুয়ো মিলি সুখ-দুখৰ মিহলি এই ভাবেৰে গোপালৰ বুকুখন তোলপাৰ লগাইছিল। আৰু এই সময়ত গোপালৰ মনত এটি অদমনীয় আকাঙ্ক্ষাই দেখা দিছিল, এই আকাঙ্ক্ষা তাৰাক এবাৰ চাবলৈ।

 যাক তেওঁ ইমান দিনৰপৰা হৃদয়ৰ আৰাধনীয়া কৰি তুলি লৈছে আৰু যাৰ স্মৃতিয়ে প্ৰত্যেক মুহূৰ্ত্ততে তেওঁক বলিয়া কৰি তোলে, সেই সকলোৰে সাৰ তাৰাক চাবলৈ গোপালৰ মনত ইচ্ছা উপজিছিল৷ এতিয়া চাগৈ তাৰা—মধুৰতকৈয়ো বেচি মধুৰ হৈ পূৰ্ণিমাৰ জোনটি হে হৈছে! তেওঁৰ বুকুখন অলপ কঁপি উঠিল। মন আবেগেৰে পূৰ্ণ হল। গোপালে ভাবিলে কেৱল চোৱা; এবাৰ চোৱাত দোষ কি! চোৱা মাথোন হে, চোৱাত বাদে একো নাই। কথা! কথা পাতিব পাৰিলে, সেই মুখৰ এটি মধুৰ কথা শুনিলে! আহা, তাত কৈয়ো গোপালৰ সুখ হব পাৰে নে? গোপালৰ তেনে কপাল কল্পনাও কৰিব নোৱাৰি। কিন্তু গোপালৰ কেৱল চোৱা হে যে উদ্দেশ্য তাত বাজে একো নাই, সি সমূলি মিছা নহলেও গোটেই সঁচা নহয়৷ গোপালে অতি মনে মনে ভাবিছিল—কি জানি তেৱোঁ সেই ভাবৰ কথা নাজানেই—তা্ৰাৰ মনটি জানিব পাৰিলে! তাৰাই