পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


 

তাৰা

 গোপাল এজন চিকণ ডেকা। তেওঁৰ মুখৰ ছবিখন চিকণ, কথা বাৰ্ত্তাতো তেওঁ চিকণ আৰু চিকণ ডেকাসকলৰ নিচিনা তেওঁৰ হিয়াখনো চিকণ, চিকণ কবিতাময় ভাববোৰেৰে পূৰ। গতিকে, তেওঁক চিকণ বোলাত কাৰো ওজৰ আপত্তি নাখাটে।

 এদিনাখন গোপাল তেওঁৰ এজনা বন্ধুৰ ওচৰলৈ গৈছিল। তেওঁ যিদৰে গৈছিল, যদি সেইদৰেই ঘূৰি আহে, তেন্তে আমাৰ একো লেঠাই নাথাকে,—বহুত আগেয়ে মুখৰ কেপ্‌কেপনি মাৰি, কাপৰ চিয়াঁহিখিনি কপালৰ আগৰ দীঘল চুলিত মছি, কাকতৰ বিৰহ-সন্তপ্ত “পবিত্ৰ” হিয়াখনক কলমৰ প্ৰথম প্ৰেমাশ্ৰু-নীৰপূৰ্ণ মুখখনৰ লগত মিলন কৰাই দি জুৰ নেপেলালেই পাৰিলোঁহেঁতেন। কিন্তু এনে চিকণ ডেকাবোৰৰ এটি দোষ আছে,—বোধকৰোঁ সিও চিকণ। তেওঁলোকৰ কবিতাময় হৃদয়ৰ প্ৰভাৱত কি যেন কি এটি লাগে বুলি ফুৰোঁতে এটিক মুঠি মাৰি ধৰি কৈ বহে,“ইয়াকে হে লাগে”। ৰমিওই এইদৰে জুলিয়েটৰ কথা কৈছিল; দুষ্যন্তয়ো শকুন্তলাৰ কথা কৈছিল এইদৰে; আৰু জগতসিংহই তিলোত্তমাৰ কথা, কমলেও লাহৰীৰ কথা কৈছিল এইদৰেই। সেই দেখি আমাৰ গোপালেও তাৰাৰ কথা এইদৰেই কলে। তেওঁৰ হৃদয়ৰ শূন্য সিংহাসনত বহুৱাবলৈ তাৰাকেহে লাগে; তাৰায়েহে তেওঁৰ অসম্পূৰ্ণ জীৱন সম্পূৰ্ণ কৰিব পাৰে। গোপালে ভাবিলে,