পৃষ্ঠা:গল্পাঞ্জলি.pdf/২১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১৪
গল্পাঞ্জলি

হাৰ সোলোকাব খুজিছিল, তাৰ লগত ইমান অন্তৰ, তাক দেখাপোৱাও হৈ নুঠিল! হাঁয় বিধাতা, হাঁয় নিৰাশাৰ চৰম সীমা! গোপালে তথাপি তাৰাৰ আশা এৰিব নোৱাৰিলে, তাৰাৰ স্মৃতি পাহৰিব নোৱাৰিলে, তেওঁৰ সুন্দৰ মুখৰ মধুৰিমা গোপালৰ মনৰ পৰা নগল। তেওঁ ভাবিলে, মূৰৰ মুকুট, হৃদয়ৰ মণি, প্ৰাণৰ ধন, তাক আনৰ হাতত দেখি কি সুখ পাম! নিজাকৈয়ো মই তাৰাক চাৰিওফালে দেখিবলৈ পাইছোঁ, যি ফালে চাওঁ সেই ফালেই তাৰাৰ সুখময় স্মৃতিৰ চানেকী পাইছোঁ। মই দেখিছোঁ, ফুলৰ গোন্ধত তাৰা, জোনাকৰ মাধুৰীত তাৰা, কুলিৰ মাতত তাৰা, ৰামধনুৰ ৰঙত তাৰা। মই পাইছোঁ, বসন্তৰ ফুলত তাৰা, শৰতৰ জোনত তাৰা, শিশুৰ হাঁহিত তাৰা, যুৱতীৰ লীলাত তাৰা, এই বিশ্বত যি সুন্দৰ সেয়ে তাৰা! যি মধুৰ সেয়ে তাৰা! তাৰায়ে সকলো সৌন্দৰ্য্য আৰু মাধু্ৰ্য্যত লীলা কৰে!