পৃষ্ঠা:গল্পাঞ্জলি.pdf/১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১০
গল্পাঞ্জলি

মোৰ সুখ বা দুখ যেই নহওক, এই যে সুখ সৌন্দৰ্য আৰু মাধুৰ্য্য পাইছোঁ ইয়াকেহে লাগে।

 ফুলৰ সৌন্দৰ্য্য আৰু সৌৰভ দেখি, পাৰিলে ওচৰতে সেই ফুল গছজুপি থাপিবলৈ ইচ্ছা হয়। লাহতে হালি জালি পৰা জোনৰ পূৰ্ণ আবেগৰ মাধুৰ্য্য দেখি, পাৰিলে শোৱা কুঠৰিৰ মুখত জোনক বহুৱাবলৈ বাঞ্ছা জন্মে। সৌন্দৰ্য্যৰ প্ৰতি আকৃষ্ট হোৱাটো মানুহৰ স্বাভাৱিক ধৰ্ম্ম; নিজৰ আন্তৰিক ভাৱবোৰে বিচাৰি লোৱা সৌন্দৰ্য্যত মানুহ মুগ্ধ হবলৈ বাধ্য। গোপালো তাৰাৰ সৌন্দৰ্য্যত আকৃষ্ট হল। ই তেওঁৰ ৰূপ-লালসা নহয়; সৌন্দৰ্য্য লালসা, নিজৰ অন্তৰে বাছি লোৱা সৌন্দৰ্য্যৰ বাসনা বা প্ৰেম। গোপালে তাৰাৰ মুখখনি নিজৰ কৰিবলৈ আৰু তাকে ওচৰত ৰাখি বিশ্বসংসাৰক প্ৰেমৰ সোঁতত উটাই দিবলৈ বৰ বাঞ্ছা কৰিছিল। কিন্তু মানুহৰ ইচ্ছা পূৰ্ণ নহয়; পূৰ্ণ হয় ইচ্ছাময়ৰ ইচ্ছা—বিধাতাৰ ইচ্ছা। বিধি বিধানত নাছিল, যে তাৰা গোপালৰ হয়। সেই দেখি তাৰা গোপালৰ নহল, যাৰ হবলগীয়া আছিল তাৰে হল। সেই দেখিয়েই গোপালেও প্ৰেমৰ অতৃপ্ত বাসনা এটি লৈ পৃথিবীত ঘূৰি ফুৰিব লগীয়াত পৰিল। ইয়াত দুখ নাই। ফুলৰ সৃষ্টি দেৱতা পূজা আৰু সজ্জনৰ শিৰত স্থিতিৰ অৰ্থে; সেই ফুলো বিলাসিনী নৰ্ত্তকীৰ বেশ-ৰচনাৰ উপকৰণ হয়।

 কিন্তু, আশাৰ সিপাৰে ঘন আৰু গহীন আন্ধাৰ-নিৰাশা দুখেৰে পূৰ; আশাতেই সুখৰ জিলিকনি। সেইবাবে গোপালে